কাৰ্বি-দেউৰীৰ হস্ততাঁত, বাঁহ শিল্প, পেঁপালৈ জি আই টেগ, অন্তর্ভুক্ত হ'ল ৰাজ্যৰ ৪১ বিধ খিলঞ্জীয়া সামগ্রী

dainik janambhumi June 15, 2026

ডিজিটেল ডেস্ক : গামোচা, আৰনাই, তেজপুৰৰ লিচু আদিৰ পাছত এইবাৰ কাৰ্বি আংলঙৰ হস্ততাঁত, বিহুৰ পেঁপা, বাঁহ শিল্প আৰু দেউৰী হস্ততাঁত সামগ্রীলৈ নতুনকৈ আগবঢ়োৱা হৈছে জি আই টেগ। উল্লেখযোগ্য যে এই সামগ্রীসমূহকে ধৰি অসমৰ মুঠ ৪১ বিধ সামগ্রীয়ে এতিয়ালৈকে জি আই টেগ লাভ কৰিবলৈ সক্ষম হৈছে। 

উল্লেখযোগ্য যে শেহতীয়াকৈ দেউৰী, কাৰ্বি আংলঙৰ হস্ততাঁতক সুৰক্ষিত কৰি ৰখাৰ লগতে জনজাতীয় সমাজখনৰ অর্থনীতিক অধিক গতিশীল কৰাৰ স্বার্থত জি আই টেগ প্ৰদান কৰা হৈছে। কাৰণ দেউৰী আৰু কাৰ্বি সমাজৰ হস্ততাঁতৰ এক সুকীয়া ঐতিহ্যই নহয়, এই দুই জনজাতীয় কাপোৰৰ ব্যাপক চাহিদাও আছে। সেইদৰে ম'হৰ শিঙৰ পেঁপা অসমৰ বিহুত ব্যৱহাৰ কৰা এক অনন্য আৰু স্বকীয় লোকবাদ্য। 

অসমীয়াই বিহুত ব্যৱহাৰ কৰা আৰু ক'তো এই পেঁপা দেখিবলৈ পোৱা নাযায়। গতিকে পেঁপাক জি আই টেগ প্ৰদান কৰি অসমৰ এই লোকবাদ্যক সুৰক্ষিত কৰি তুলিলে। ইয়াৰ লগতে অসমৰ বাঁহ শিল্পৰো আছে স্বকীয় পৰিচয়, য'ত প্রতিফলিত হয় অসমৰ পৰম্পৰা আৰু ঐতিহ্য। সেয়েহে এই শিল্পক জি আই টেগে সুৰক্ষিত কৰাই নহয়, থলুৱা শিল্পীসকলক বাণিজ্যিক ভিত্তিত জড়িত হ'বলৈ অধিক অনুপ্রাণিত কৰিব।

Share This