উভতি নহাৰ বাটেৰে গুচি গ’ল অসমৰ প্ৰসিদ্ধ ফুটবলাৰ গিলবাৰ্টছন চাংমা

Rashmi April 04, 2026

ডিজিটেল ডেস্ক : অসমৰ প্ৰসিদ্ধ ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ দেহাৱসান।  মহানগৰীৰ কাহিলিপাৰ দশম অসম আৰক্ষী বাহিনীৰ চৌহদত বাস কৰিছিল প্ৰাক্তন ফুটবলাৰ গিলবাৰ্টছন চাংমা।

বিগত কিছু দিনৰ পৰা অসুস্থ আছিল প্ৰাক্তন ফুটবলাৰগৰাকী। প্ৰায় ৭৪ বছৰ বয়সত মৃত্যু হয় ফুটবলাৰগৰাকীৰ।

আজি পুৱা ৭-৩০ বজাত তেওঁৰ নিজা বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে ফুটবল খেলুৱৈগৰাকীয়ে। ২০২২ চনৰ পৰা স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত আছিল।

'মেন অব্ গ'ল্ডেন বুট' হিচাপে জনাজাত আছিল চাংমা। ভাৰতৰ হৈ তেওঁ বিদেশতো নিজৰ ভৰিৰ যাদু দেখুৱাইছিল।

আৰক্ষীত কৰ্মৰত হৈও তেওঁ খেলৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল।

তেওঁৰ মৃত্যু অফুৰন্ত ক্ষতি বুলি জনায় সতীৰ্থই। খেলুৱৈগৰাকীৰ বাসগৃহত উপস্থিত হৈছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ লগতে অনেক গুণমুগ্ধ।

খেলুৱৈগৰাকীৰ পাৰ্থিৱ শৰীৰ আজি নিজৰ বাসগৃহত ৰাখিব। খ্ৰীষ্টান ধৰ্মৰ নীতি-নিয়মৰ মাজৰে জনোৱা হ'ব শেষ বিদায়।

কাইলৈ আডিংগিৰি পাহাৰত থকা চাংমাৰ নিজা মাটিত জনোৱা হ'ব শেষ বিদায়।  চাংমাৰ পৰিয়ালৰ লোকসকল দূৰ- দূৰণিৰ পৰা আহিব, সেইবাবেই  এই সিদ্ধান্ত গ্ৰহণ কৰিছে ওচৰ- চুবুৰীয়াই। 

উল্লেখযোগ্য যে দশম শ্ৰেণীতে শিক্ষা সামৰি গিলবাৰ্টছন চাংমাই ১৯৭১ চনত পুলিচ কনিষ্টবল হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই সময়ছোৱাতে তেওঁ অসম পুলিচৰ ফুটবল দলত যোগদান কৰি তেওঁ জনপ্ৰিয় হৈ পৰে। তেওঁ ১৯৭২ চনৰ পৰা ১৯৮২ চনলৈ অসম পুলিচ দলৰ অধিনায়কৰ দায়িত্ব পালন কৰে।

১৯৭৩ চনত তেওঁ কেৰালাৰ কোচিত অনুষ্ঠিত ফুটবল টুৰ্ৰাণামেণ্টত ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে। পৰৱৰ্তীকালত গিলবাৰ্টছন চাংমাই ১৯৭৩ চনৰ পৰা ১৯৮২ চনলৈ মুঠতে সাতবাৰ সন্তোষ ট্ৰফী ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰে। তেওঁ ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈ ৰাজ্যিক দলৰ অধিনায়কৰ দায়িত্ব লয়। 

তদুপৰি গিলবাৰ্টছন চাংমাই অসম পুলিচৰ হৈ বৰদলৈ ট্ৰফী, এ টি পি এ শ্বিল্ড, কেপ্টেইন এন এম গুপ্তা ট্ৰফী লাভ কৰে। ১৯৮১ চনৰ তেওঁ সন্তোষ ট্ৰফীৰ চেম্পিয়ন হয়। ১৯৭৫ চনত গিলবাৰ্টছন চাংমাই ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত প্ৰদৰ্শনীমূলক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে। 

১৯৭৫ চনত গিলবাৰ্টছন চাংমাই ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত প্ৰদৰ্শনীমূলক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে। ১৯৮৫ চনত গিলবাৰ্টছন চাংমাই যোৰহাটত নগালেণ্ড পুলিচৰ বিপক্ষে জীৱনৰ অন্তিমখন খেলত ভাগ লয়।

২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে। ১৯৮৫ চনত গিলবাৰ্টছন চাংমাই যোৰহাটত নগালেণ্ড পুলিচৰ বিপক্ষে জীৱনৰ অন্তিমখন খেলত ভাগ লয়।

২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে। গিলবাৰ্টছন চাংমাৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পৰিছে।

Share This