সোণৰ পদক আঁজুৰি আনিলে অসম সন্তান অন্যতম ৰাজকুমাৰে, পেৰা ৰাষ্ট্ৰীয় ৰয়িং চেম্পিয়নশ্বিপ

dainik janambhumi June 28, 2026

ডিজিটেল ডেস্ক : 'প্রথম পেৰা ৰাষ্ট্ৰীয় ৰয়িং চেম্পিয়নশ্বিপ ২০২৬' ২৪ জুনৰ পৰা ২৭ জুনলৈ মহাৰাষ্ট্ৰৰ পুনেৰ 'আমি ৰয়িং নোডত' অনুষ্ঠিত হয়। এই চেম্পিয়নশ্বিপত অসমৰ অন্যতম ৰাজকুমাৰে সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে। অন্যতম ৰাজকুমাৰ অসম ব'ট ৰেচিং এণ্ড ৰয়িং এছ'চিয়েশ্যনৰ তত্ত্বাৱধানত নিয়মীয়া প্রশিক্ষণ গ্রহণ কৰি আছে। 

তেওঁৰ সাফল্যত সাধাৰণ সম্পাদক নাৱাবুদ্দি আহমেদ, সভাপতি পুনম বাচনেটৰসহ প্রশিক্ষকদ্বয় যদুমণি দাস আৰু হলধৰ চৌধুৰীৰ লগতে বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ 'বহুবাক'ৰ প্ৰধান সম্পাদক দীপক শর্মাই আনন্দ প্ৰকাশ কৰাৰ লগতে ৰয়িং শিক্ষাৰ্থীৰ মাজতো আনন্দৰ জোৱাৰ উঠে। এই পেৰা ৰয়িং চেম্পিয়নশ্বিপখন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। 

পূর্বতে অন্যতমে সাধাৰণ খেলুৱৈ হিচাপে অসমক প্রতিনিধিত্ব কৰি অসমক গৌৰৱান্বিত কৰি আহিছে। আনহাতে, অন্যতম ৰাজকুমাৰে ২০২৫ চনত থাইলেণ্ডৰ পাট্টায়াত অনুষ্ঠিত এছিয়ান ইণ্ডৰ ৰয়িং চেম্পিয়নশ্বিপত এটা সোণৰ আৰু এটা ৰূপৰ পদক অর্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

Share This