চাপৰত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা এটি আপুৰুগীয়া সোণালী বান্দৰৰ মৃত্যু

Rashmi March 02, 2026

ডিজিটেল ডেস্ক: চাপৰত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা এটি আপুৰুগীয়া সোণালী বান্দৰৰ মৃত্যু।

চাপৰ থানাৰ সন্মুখৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে তীব্ৰ বেগী অচিনাক্ত বাহনৰ খুন্দাত সোণালী বান্দৰটোৰ মৃত্যু হয়।

পিছত স্থানীয় ৰাইজে মৃত বান্দৰটোক প্ৰত্যক্ষ কৰি বন বিভাগ আৰু চাপৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত চাপৰ যান-বাহন শাখাৰ আৰক্ষী আৰু বহলপুৰ আঞ্চলিক বন বিভাগৰ এটা দল উপস্থিত হৈ মৃত সোণালী বান্দৰটোক বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায়।

উল্লেখ্য যে চক্ৰশীলা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত বিগত কেইদিনমান ধৰি চাপৰ অঞ্চলত সোণালী বান্দৰৰ এটা জাক বিচৰণ কৰা প্ৰত্যক্ষ কৰিছিল ৰাইজে।



প্ৰাগ নিউজ ডিজিটেল

Share This