মেদবহুল খাদ্যৰসিকৰ বাবে সুখবৰ ! নিচিন্ত হৈ খাব পাৰিব সকলো মন পছন্দৰ খাদ্য

Jyoti Borah September 05, 2023

ডিজিটেল ডেস্কঃ মেদবহুলতাই প্ৰকৃততে ভালেমান ৰোগক শৰীৰলৈ মাতি আনে৷ এনে লোকৰ বাবে আন এটা সমস্যা হ’ল বিভিন্ন সুস্বাদু খাদ্য পালেও লোভ সম্বৰণ কৰি চলিবলগীয়া হয়৷ এই লোকসকলৰ বাবে এটা ভাল খবৰ দিছে বিজ্ঞানীসকলে৷

 তেওঁলোকে এনে ঔষধ আৱিষ্কাৰ কৰিছে যি মেদবহুলতাত ভোগা লোকৰ মেদো কমাব আৰু লোভ সম্বৰণ নকৰাকৈ খাবও পাৰিব৷ গৱেষকসকলে মেদবহুল এন্দুৰক লৈ কৰা গৱেষণাত সফলতাও লাভ কৰিছে৷ তেওঁলোকে এনে এন্দুৰত এই ঔষধবিধ প্ৰয়োগ কৰি দেখা পাইছিল যে ইয়াৰ জৰিয়তে এন্দুৰৰ মেদ কমিছে যদিও সিঁহতৰ ভোক কমা নাছিল৷ গৱেষকসকলে লগতে এই কথাও প্ৰকাশ কৰিছে যে যদিহে মানুহক লৈ কৰা পৰীক্ষাত সফল হ’ব পৰা যায় তেতিয়া মেদবহুল লোকসকলৰ বাবে এক যুগান্তৰকাৰী পৰিৱৰ্তন হ’ব৷ তেওঁলোকে নিজৰ পচন্দমতে খোৱা-বোৱা কৰিও নিজ ক্ষীণ কৰি ৰাখিব পাৰিব৷ আমাৰ মগজুৰ কোষত এষ্ট্ৰোছাইট্‌ছ নামৰ এবিধ এনজাইম থাকে৷ গৱেষকসকলে এন্দুৰক প্ৰয়োগ কৰা ঔষধবিধে এই এনজাইমবিধক লক্ষ্য কৰি লয়৷ 

কোৰিয়াৰ ইনষ্টিটিউট ফৰ বেছিক ছায়েন্সত এই এনজাইমবিধক লৈ অধ্যয়ন কৰি থকা হৈছে৷ উল্লেখযোগ্য যে এতিয়ালৈকে মেদবহুলতা হ্ৰাস কৰাৰ বাবে ব্যৱহাৰ কৰা ঔষধে হাইপ’থেলামাছক লক্ষ্য কৰি লৈছিল– যি ভোক নিয়ন্ত্ৰণ কৰে৷
 

Share This