চৰকাৰে লোৱা পৰিকল্পনাৰ সম্পূর্ণ তথ্য ১২ মে'ৰ ভিতৰত দাখিলৰ নিৰ্দেশ, উন্মুক্ত নলা-নর্দমা বন্ধ কৰাত গুৰুত্ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

dainik janambhumi May 07, 2026

ডিজিটেল ডেস্ক : মহানগৰীৰ কৃত্ৰিম বানত উন্মুক্ত নলাত পৰি কোনো লোকে যাতে প্রাণ হেৰুৱাবলগীয়া নহয়, তাৰ বাবে চৰকাৰে কি পৰিকল্পনা কৰিছে, তাৰ তথ্য দাখিলৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। যোৱা ১৯ এপ্রিলত গুৱাহাটীত সংঘটিত ভয়াৱহ কৃত্রিম বানত এগৰাকী মহিলাসহ চাৰিজনলৈ লোকে প্রাণ হেৰুওৱাৰ পাছতে মহানগৰীৰ কৃত্রিম বানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰা হৈছিল। 

উন্মুক্ত নলাত (মেনহলত) সোমাই মানুহৰ মৃত্যু হোৱা প্ৰসংগত গুৰুত্ব আৰোপ কৰি ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্রহণ কৰে। আদালতে উন্মুক্ত হৈ থকা নলা-নর্দমা শীঘ্ৰে বন্ধ কৰাত গুৰুত্ব আৰোপ কৰে। কালিৰ শুনানিত ন্যায়ালয়ে উন্মুক্ত নলা-নর্দমাৰ বাবে চৰকাৰে কি পৰিকল্পনা কৰিছে সম্পূর্ণ তথ্য অহা ১২ মে'ৰ ভিতৰত আদালতত দাখিল কৰাৰ নিৰ্দেশ দিয়ে। 

এই বিষয়ত এতিয়ালৈকে কি কি কাম কৰিলে তাৰো বিতং তথ্য দিয়াৰ নিৰ্দেশ দিয়ে। এই বিষয়টো চোৱাচিতা কৰা সংশ্লিষ্ট বিভাগক তথ্য দাখিলৰ নিৰ্দেশ দি আদালতে অহা ১২ মে'ত গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে।

Share This