ভাৰত চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক: দেশৰ সুৰক্ষাৰ স্বাৰ্থত নিষিদ্ধ হ’ল জনপ্ৰিয় ম'বাইল এপ

Nikimoni Kachari January 30, 2026

ডিজিটেল ডেস্কঃ দেশৰ নিৰাপত্তা আৰু নাগৰিকৰ ব্যক্তিগত তথ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে পুনৰ এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে এক নিৰ্দেশনাযোগে জনপ্ৰিয় যোগাযোগ বা বিনোদনমূলক এপৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। চৰকাৰৰ এই পদক্ষেপে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।

এটা বৃহৎ চাইবাৰ জালিয়াতিৰ গোচৰত ভাৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি Wingo নামৰ এণ্ড্ৰইড এপ এটা ব্লক কৰিছে। দ্ৰুত ধনৰ প্ৰতিশ্ৰুতিৰে ব্যৱহাৰকাৰীক প্ৰলোভিত কৰি প্ৰতাৰণা কৰিছিল এই এপটোৱে। খবৰ অনুসৰি Wingo এপটোৱে মানুহৰ পৰা ধন আদায় কৰাই নহয় তেওঁলোকৰ অনুমতি অবিহনে ম'বাইলৰ পৰা ভুৱা এছ এম এছ প্ৰেৰণ কৰিছিল।

সুৰক্ষাৰ প্ৰতি ভাবুকি

তথ্য অনুসৰি, এই বিশেষ এপটোৱে ভাৰতীয় ব্যৱহাৰকাৰীৰ অতি সংবেদনশীল ব্যক্তিগত তথ্য বহিঃৰাষ্ট্ৰৰ ছাৰ্ভাৰলৈ প্ৰেৰণ কৰি থকাৰ অভিযোগ উত্থাপন হৈছিল। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে তথ্য প্ৰযুক্তি আইনৰ ধাৰা 69A-ৰ অধীনত এই নিষেধাজ্ঞা জাৰী কৰা হৈছে।

মূল কাৰণসমূহ হ'লঃ‌

তথ্য চুৰিঃ ব্যৱহাৰকাৰীৰ অনুমতি অবিহনেই তেওঁলোকৰ যোগাযোগৰ মাধ্যম , ফটো আৰু অৱস্থানৰ তথ্য সংগ্ৰহ কৰা।

ৰাষ্ট্ৰীয় নিৰাপত্তাঃ চৰকাৰৰ মতে, এনে এপসমূহে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।

নীতি উলংঘাঃ গুগ'ল আৰু এপ'লৰ প্লে ষ্ট’ৰৰ সুৰক্ষা নীতি উলংঘা কৰাৰ অভিযোগ।

ব্যৱহাৰকাৰীলৈ চৰকাৰৰ পৰামৰ্শঃ

চৰকাৰে জনসাধাৰণক আহ্বান জনাইছে যাতে তেওঁলোকে অতি সোনকালে নিজৰ ফ'নৰ পৰা এই এপসমূহ ডিলিট কৰে। লগতে কোনো থাৰ্ড-পাৰ্টি ৱেবছাইটৰ পৰা এনে এপৰ APK ফাইল ডাউনল'ড নকৰিবলৈও সতৰ্ক কৰি দিয়া হৈছে।

চৰকাৰী প্ৰতিবেদনত উল্লেখ কৰিছে -'দেশৰ নাগৰিকৰ গোপনীয়তা আমাৰ বাবে সৰ্বোপৰি। যিকোনো ডিজিটেল প্লেটফৰ্ম যিয়ে ভাৰতীয় আইন উলংঘা কৰিব, তাৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হ'ব।'

ইতিমধ্যে গুগ'ল প্লে ষ্ট’ৰ আৰু এপ'ল এপ ষ্ট’ৰৰ পৰা উক্ত এপটো আঁতৰাই দিয়া হৈছে। ইয়াৰ পূৰ্বেও ভাৰত চৰকাৰে টিকটক (TikTok) আৰু পাবজি (PUBG)ৰ দৰে শ শ চীনা এপৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This