ডিজিটেল ডেস্ক : ইন্ধন যোগানত থকা উদ্বেগ হ্রাস পোৱাত, পেট্রল আৰু ডিজেলৰ বিক্রীত জাৰি কৰা সাময়িক নিষেধাজ্ঞা ভাৰত চৰকাৰে ১ জুলাইৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। ৰয়টাৰে এই বাতৰি দিয়ে। উল্লেখযোগ্য যে মধ্য প্রাচ্যত আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজৰ যুদ্ধই বিশ্বৰ যোগান শৃংখলা ব্যাহত কৰাত তথা ইন্ধনৰ অভাৱ হ'ব বুলি আশংকা জন্মাত উক্ত নিষেধাজ্ঞা জাৰি কৰা হৈছিল।
উক্ত নিষেধাজ্ঞাৰ বাবে ঔদ্যোগিক, প্রাতিষ্ঠানিক আৰু বাণিজ্যিক ক্রেতাই খুচুৰা বিক্ৰেতাৰ পৰা পেট্ৰল আৰু ডিজেল ক্ৰয় কৰিব পৰা নাছিল। তদুপৰি, চৰকাৰে দৈনিক ডিজেল ক্ৰয়ৰো সীমা বান্ধি দিছিল। প্রতিজন গ্রাহকে দৈনিক ২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিছিল। উক্ত নিষেধাজ্ঞাত কোৱা হৈছিল যে সেই নিষেধাজ্ঞা সাময়িক আৰু ৯০ দিনলৈ বলবৎ কৰা হৈছে।
সোমবাৰে জাৰি কৰা চৰকাৰী নিৰ্দেশত চৰকাৰে কয় যে উক্ত নিষেধাজ্ঞা ১ জুলাইৰ পৰা অন্ত পৰিব। অর্থাৎ এতিয়াৰ পৰা বাণিজ্যিক ব্যৱহাৰকাৰীয়ে সাময়িক সীমা নথকাকৈ পুনৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ পৰা ইন্ধন ক্ৰয় কৰিব পাৰিব।