ডিজিটেল ডেস্ক : ঋণ লৈ হ'লেও ঘিউ খোৱা নীতি গ্রহণ কৰা ৰাজ্য চৰকাৰখনে কালি পুনৰ এহেজাৰ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি অহা ১৬ মাৰ্চত এই ঋণ লোৱাৰ বাবে বিত্ত বিভাগে ইতিমধ্যে ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। চৰকাৰী ষ্টক নিলামৰ জৰিয়তে দহ বছৰৰ বাবে লোৱা হ'ব এই ঋণ।
উল্লেখযোগ্য যোৱা মে' মাহত ৰাজ্য চৰকাৰখনে ১৭৫০ কোটি টকাৰ ঋণ লৈছিল। ইয়াকে ধৰি এতিয়ালৈকে ৰাজ্য চৰকাৰখনে লোৱা ঋণৰ পৰিমাণে দুই লাখ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিছে। ৰাজ্য চৰকাৰখনে উন্নয়নমূলক প্রকল্প, আন্তঃগাঁথনি নির্মাণ আৰু বিভিন্ন কল্যাণমূলক আঁচনিৰ বাবে ঋণ লোৱাৰ কথা প্রকাশ কৰি আহিছে যদিও বিৰোধী পক্ষই ঋণৰ ধনেৰে হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰা বুলিহে অভিযোগ উত্থাপন কৰি আহিছে। আনহাতে, ঋণৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে সুদৰ পৰিমাণো বৃদ্ধি পাইছে। স্বাধীনতাৰ পাছত ২০১৬ চনলৈকে ৬৯ বছৰত অসমৰ সৰ্বমুঠ ঋণ আছিল প্রায় ৪১,৯৬৪ কোটি টকা।
সর্বানন্দ সোণোৱাল চৰকাৰৰ ৫ বছৰত মুঠ ঋণৰ পৰিমাণ হৈছিল প্ৰায় ৪৭,৭৪৫ কোটি টকা। আনহাতে, ৰিজার্ভ বেংকৰ আন এক তথ্য অনুসৰি বিজেপি চৰকাৰৰ দুটা কাৰ্যকালত ৰাজ্যখনৰ সৰ্বমুঠ ঋণৰ পৰিমাণ প্রায় ১,৭৮,০০০ কোটি টকালৈ বৃদ্ধি হৈছিল। এতিয়া এই পৰিমাণ দুই লাখ কোটি টকাও অতিক্ৰম কৰিছে। এই হিচাপত বর্তমান সৰ্বমুঠ ঋণৰ পৰিৱৰ্তে অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ মূৰৰ ওপৰত জনমূৰি ঋণৰ বোজা হৈছেগৈ প্রায় ৪৬ হাজাৰ টকা।
লক্ষণীয় বিষয় যে 'কেগ'ৰ প্ৰতিবেদনত অনুৎপাদনমূলক কামত চৰকাৰী ধন ব্যয় নকৰিবলৈ বাৰম্বাৰ সোঁৱৰাই দিয়াৰ পাছতো চৰকাৰখনে ভোটৰ অংকত অসংখ্য হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰি আহিছে। যাৰ ফলত বুজন পৰিমাণৰ ঋণ ল'বলগীয়া হৈছে। ইফালে, অনাগত সময়ত একাধিক হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰাৰ লক্ষ্য স্থিৰ কৰা চৰকাৰখনে। এনে পৰিস্থিতিত ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।