নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত তেল-প্রাকৃতিক গেছ অন্বেষণ-উৎপাদনলৈ সেউজ সংকেত, নতুন দিল্লীত ত্রিপাক্ষিক চুক্তি

dainik janambhumi June 12, 2026

ডিজিটেল ডেস্ক : অসমবাসীৰ বাবে সুখবৰ। কালি নতুন দিল্লীত অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ তথা উৎপাদন পুনৰ আৰম্ভ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নগালেণ্ড চৰকাৰৰ মাজত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। 

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত গৃহ মন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় পেট্রলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ', কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহন আৰু দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। এই চুক্তিয়ে অসম-নগালেণ্ড সীমান্তৱৰ্তী ১,০০০ বর্গ কিল 'মিটাৰতকৈ অধিক এলেকাত থকা তেল, গেছ আৰু খনিজ সম্পদৰ অনুসন্ধান আৰু উৎপাদনৰ নতুন দুৱাৰ মুকলি কৰিব। 

উল্লেখযোগ্য যে দীর্ঘদিনীয়া সীমান্ত বিবাদৰ ফলত প্রায় তিনিটা দশক ধৰি অসম-নগালেণ্ড সীমান্তত থকা হাইড্রকার্বন সম্পদসমৃদ্ধ অঞ্চলসমূহত পুনৰ অন্বেষণ আৰু উৎপাদন বন্ধ হৈ আছিল। কালি এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে কয় যে আজিৰ দিনটো এটা ঐতিহাসিক দিন। এই সময়ৰ কথা ইতিহাসত লিখা ৰ'ব। কিয়নো দুয়োখন চৰকাৰে স্বাক্ষৰ কৰা এই চুক্তি অঞ্চলটোৰ উন্নয়নত মাইলৰ খুঁটি হিচাপে বিৱেচিত হ'ব। কেন্দ্রীয় মন্ত্রী শ্বাহে এই পদক্ষেপক উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি, উন্নয়ন আৰু সহযোগিতামূলক ফেডাৰেল ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ নিদর্শন হিচাপে অভিহিত কৰে। তেওঁ কয় যে দীর্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা-সম্পর্কীয় সমস্যাৰ বাবে বহু বছৰ ধৰি অব্যৱহৃত হৈ থকা হাইড্রকার্বন সম্পদক এই চুক্তিৰ জৰিয়তে দেশৰ উন্নয়নৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ পথ মুকলি হৈছে। আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত শান্তি আৰু উন্নয়নৰ এক নতুন পৰিৱেশ গঢ় লৈ উঠিছে বুলি মত প্রকাশ কৰি তেওঁ কয় যে ২০১৯ চনৰ পাছত এতিয়ালৈকে বহুকেইখন শান্তি চুক্তি স্বাক্ষৰিত হৈছে। যাৰ ফলত উত্তৰ-পূবলৈ শান্তি ঘূৰি আহিছে। 

অঞ্চলটো সংঘাতৰ পৰা উন্নয়নৰ পথলৈ আগুৱাই গৈছে। প্রধানমন্ত্রী মোদীয়ে উত্তৰ-পূবক লৈ যি সপোন দেখিছিল, সেয়া এতিয়া বাস্তৱায়িত হোৱাৰ দিশে গতি কৰিছে। ইফালে, হিমন্ত বিশ্ব শৰ্মাই জেদ এৰি এৰা-ধৰাৰ মনোভাব গ্রহণ কৰাৰ বাবেই কালি এই চুক্তি স্বাক্ষৰিত হ'ল বুলি উল্লেখ কৰি তেওঁ কয়, এই চুক্তিৰ ফলত সীমান্তবর্তী অঞ্চলসমূহত আন্তঃগাঁথনি উন্নয়ন আৰু যুৱসমাজৰ বাবে নতুন কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব। খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদন পুনৰ আৰম্ভ হ'লে বিদেশৰ ওপৰত নিৰ্ভৰশীলতাও হ্রাস পাব। ইফালে, দুখন ৰাজ্যৰ বাহিৰে উত্তৰ-পূবৰ আন ৰাজ্যৰ পৰা অচিৰেই সামৰিক বাহিনী বিশেষ ক্ষমতা আইন ('আস্পা') আঁতৰ কৰা হ'ব বুলি জনাই তেওঁ উত্তৰ-পূবত নতুন দিগন্তৰ সূচনা হোৱা বুলিও মত ব্যক্ত কৰে। ইফালে, অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভাষণ দি কয় যে অসম-নগালেণ্ড সীমা সমস্যা বহু দশক ধৰি চলি অহা এক জটিল বিষয়। উক্ত সমস্যাৰ বাবে এই অঞ্চলত থকা মূল্যৱান প্রাকৃতিক সম্পদসমূহ দেশৰ সাৰ্বজনীন স্বার্থত সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা হোৱা নাছিল। 

কালি স্বাক্ষৰ হোৱা ঐতিহাসিক চুক্তিৰ জৰিয়তে এই সম্ভাৱনাৰ বাটত থকা অন্তৰায়সমূহ দূৰ কৰাৰ এক প্ৰয়াসৰ আৰম্ভণি ঘটিল। ইয়াৰ ফলত শক্তি অনুসন্ধান, সম্পদ আহৰণ আৰু ৰাষ্ট্ৰৰ শক্তি সুৰক্ষা অধিক সুদৃঢ় কৰাৰ নতুন দিগন্ত মুকলি হ'ল। আনহাতে, উত্তৰ-পূৰ্বাঞ্চলক মূল ভিত্তি হিচাপে লৈ ভাৰতৰ শক্তি আত্মনিৰ্ভৰতাৰ যাত্ৰাত এই চুক্তিয়ে নতুন গতি প্ৰদান কৰিব বুলি জনাই তেওঁ কয়, একে সময়তে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত দীর্ঘদিনীয়া জটিল বাধাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ দৃঢ় সংকল্পৰো ই এক উজ্জ্বল নিদর্শন। এক কথাত ক'বলৈ হ'লে ভাৰতৰ অষ্টলক্ষ্মীৰ বাবে উন্নয়ন, সমৃদ্ধি আৰু সম্ভাৱনাৰ এক নতুন যুগৰ ইও এক সূচনাপর্ব। ইফালে, অনাগত দিনত সীমা সমস্যাও সমাধান হ'ব বুলি তেওঁ আশা প্রকাশ কৰি কয় যে আদালতৰ বাহিৰতে হওক বা ভিতৰতে হওক, সীমা সমস্যাৰ সমাধান হোৱাটো আমি মনে-প্রাণে কামনা কৰোঁ।

Share This