ডিজিটেল ডেস্কঃ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) সংগ্রহে এপ্রিল মাহত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে। যোৱা মাহত ২.৩৭ লাখ কোটি টকাৰ জি এছ টি সংগ্রহ হয়। ২০১৭ চনত জি এছ টি কাৰ্যকৰী কৰাৰ পাছত এয়া আছিল কোনো এটা মাহত সংগ্ৰহ কৰা সৰ্বাধিক পৰিমাণৰ ধন। চৰকাৰে প্ৰকাশ কৰা তথ্য মতে যোৱা বছৰৰ এপ্ৰিলৰ তুলনাত এই বছৰ বিত্তীয় বৰ্ষৰ প্ৰথম মাহটোত জি এছ টি সংগ্রহ ১২.৬% বৃদ্ধি পায়। যোৱা বছৰ এপ্ৰিলত ২.১০ লাখ কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হৈছিল। আনহাতে মার্চ মাহত ১.৯৬ লাখ কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হৈছিল।
অৰুণাচল প্রদেশত যোৱা মাহত জি এছ টি সংগ্রহ ৬৬% বৃদ্ধি পায়। আনহাতে মেঘালয়ত ৫০%, নগালেণ্ডত ৪২% আৰু লাক্ষাদ্বীপত সর্বাধিক ২৮৭% বৃদ্ধি পায়। ইয়াৰ বিপৰীতে অন্ধ্র প্রদেশ, ত্ৰিপুৰা আৰু মিজোৰামত জি এছ টি সংগ্ৰহ হ্রাস পায়। মিজোৰামত ২৮% হ্রাস পায়। অসমত যোৱা বছৰ এপ্ৰিলৰ তুলনাত এই বছৰ এপ্রিলত জি এছ টি সংগ্রহ ১২% বৃদ্ধি পায়। যোৱা বছৰ এপ্ৰিলত অসমত সংগ্ৰহ হোৱা জি এছ টিৰ পৰিমাণ আছিল ১,৮৯৫ কোটি টকা। আনহাতে এই বছৰ একেটা মাহত সংগ্রহ হয় ২,১২৭ কোটি টকা। চৰকাৰী তথ্য মতে, চৰকাৰেয় ২,১২৭ তে ঘৰুৱা লেনদেনৰ পৰা প্ৰায় ১.৯০ লাখ কোটি টকা সংগ্ৰহ কৰে।