ডিজিটেল ডেস্ক: গুজৰাট টাইটান্ছে কালি ইয়াৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত আই পি এলৰ এখন মেচত ৰাজস্থান ৰয়েলছক ৭৭ ৰানৰ বিশাল ব্যৱধানত পৰাজিত কৰে। কালিৰ জয়ৰ পাছত গুজৰাটে পইণ্টৰ তালিকাত ১১খন মেচৰ সাতখনত জয়ী আৰু চাৰিখনত পৰাজিত হৈ ১৪ পইন্টেৰে দ্বিতীয় স্থানলৈ উন্নীত হয়।
আনহাতে ৰাজস্থান ৰয়েলছে ১১খন মেচৰ ৬খনত জয়ী আৰু ৫খনত পৰাজিত হৈ ১২ পইণ্টেৰে চতুৰ্থৰ পৰা পঞ্চমলৈ অৱনমিত হয়। ফলত ৰাজস্থানৰ বাবে প্লেঅফত উপনীত হোৱাটো কঠিন হৈ পৰিল। গুজৰাটে প্রথমে বেটিং কৰি ৰাজস্থানৰ সন্মুখত ২৩০ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ৰাজস্থানে ১৬.৩ অ'ভাৰত সকলো উইকেট হেৰুৱাই ১৫২ ৰানহে গোটাবলৈ সক্ষম হয়। ৰবীন্দ্ৰ জাদেজাই দলৰ হৈ সর্বাধিক ৩৮ ৰান কৰে। আনহাতে বিস্ফোৰক অ'পেনাৰ বৈভৱ সূর্যবংশীয়ে ১৬টা বলত ৩টা চাৰি আৰু ৩টা ছয়েৰে ৩৬ ৰান কৰে। গুজৰাটৰ ৰাছিদ খানে চাৰিটা উইকেট দখল কৰে।
বৈভৱে কালি টি-২০ত ১০০টা ছয় সম্পূর্ণ কৰে। ইয়াৰ লগে লগে তেওঁ টি-২০ ক্রিকেটত ১০০টা ছয় মৰা সৰ্বকনিষ্ঠ বেটাৰৰূপে পৰিগণিত হয়। ইয়াৰ আগতে অধিনায়ক শুভমন গীলৰ ৪৪টা বলত ৯টা চাৰি আৰু ২টা ছয়েৰে কৰা ৮৪ ৰান আৰু সাই সুদৰ্শনৰ ৩৬টা বলত ৫৫ ৰানৰ সহায়ত গুজৰাটে চাৰিটা উইকেট হেৰুৱাই ২২৯ৰান কৰে।
উল্লেখযোগ্য যে কালি দলৰ বাবে গুৰুত্বপূৰ্ণ মেচখনত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে খেলা নাছিল। তেওঁৰ স্থানত যশস্বী জয়ছোৱালে ৰাজস্থানৰ অধিনায়কৰ দায়িত্ব পালন কৰে। হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে ৰিয়ানে কালিৰ মেচখনত খেলিব নোৱাৰিলে।