গুজৰাটত ৪০ বছৰীয়া দলং ভাগি নদীত পৰিল ৫খন বাহন, ১৩জনৰ মৃত্যু

dainik janambhumi July 10, 2025

ডিজিটেল ডেস্ক : গুজৰাটৰ বদোদৰা জিলাত মহিসাগৰ নদীৰ ওপৰত থকা গম্ভীৰা দলংখনৰ মাজভাগ বুধবাৰে পুৱা ভাগি যোৱাৰ ফলত এখন এছ ইউ ভি, এখন পিক আপ ভান, দুখন ট্রাক আৰু এখন অট'ৰিক্সা চলন্ত অৱস্থাতে নদীখনত পৰি যায়। বুধবাৰে পুৱা প্রায় ৭-১৫ বজাত বদোদৰা জিলাৰ পাদ্ৰত থকা দলংখনৰ এটা অংশ পুৱাৰ ভাগত ভিৰ থকা সময়তে খহি যায় আৰু মহিসাগৰ নদীত পাঁচখন বাহন পৰি বুৰ যায়। ইয়াৰ ফলত কমেও ১৩জন লোকৰ মৃত্যু হয়।

আনহাতে, দলংখনৰ এটা অংশত এখন টেংকাৰ ওলমি থকাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছে। বদোদৰা (গ্রামীণ)ৰ আৰক্ষী অধীক্ষক ৰোহণ আনন্দে কয় যে স্থানীয় লোক, উদ্ধাৰকাৰীৰ দল, এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ জোৱানে এতিয়ালৈকে নটা মৃতদেহ উদ্ধাৰ কৰিছে। ৯-১০জন লোকক পানীৰ পৰা উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ আৰু সন্ধান অভিযান অব্যাহত থকাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ঘটনাৰ লগে লগে তাৎক্ষণিকভাৱে পাঁচজনক উদ্ধাৰ কৰি হস্পিটেললৈ প্ৰেৰণ কৰা হয়।

নদীত ডুব যোৱা বাহনসমূহ উদ্ধাৰৰ বাবে ক্ৰেন ব্যৱহাৰ কৰা হৈছে। এজন প্রাক্তন বিধায়কে প্রকাশ কৰা অনুসৰি, দলংখন ৪০ বছৰৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল আৰু ছবছৰ পূৰ্বেই দলংখন মেৰামতিৰ বাবে আহ্বান কৰা হৈছিল। যাতায়াতৰ ববে অনুপযোগী হৈ থকা দলংখন সময়মতে মেৰামতি নকৰাৰ বাবেই শোকাৱহ দুর্ঘটনাটো সংঘটিত হ'ল বুলি প্রাক্তন বিধায়কজনে মন্তব্য কৰে। ইফালে, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই দুর্ঘটনাৰ সন্দৰ্ভত এটা তদন্তৰ নিৰ্দেশ দিয়ে। ইতিমধ্যে, এটা কাৰিকৰী বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Share This