ডিজিটেল ডেস্ক : বিশ্ব বিখ্যাত শিল্পী প'ষ্ট মেল'নৰ পাছত এইবাৰ অসমলৈ আহিব বিশ্বৰ অন্যতম কিংবদন্তি ৰক বেণ্ড গানছ এন ৰ'জেছ (Guns N' Roses) । সাংগীতিক অর্থনীতি তথা সাংস্কৃতিক পর্যটনত অগ্রাধিকাৰ দি গুৱাহাটীত আয়োজন কৰা এই অনুষ্ঠান অনুষ্ঠিত হ'ব অহা ১৭ নৱেম্বৰত। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা জানিবলৈ দি প্ৰকাশ কৰা মতে, 'সংগীত, সংস্কৃতি আৰু বিশ্বমানৰ সংগীতানুষ্ঠানেৰে বিনোদনৰ মানচিত্ৰত এই অনুষ্ঠানে অসমৰ বাবে এক নতুন অধ্যায় সূচনা কৰিব। পষ্ট মেল'নৰ ঐতিহাসিক সংগীতানুষ্ঠানৰ অভূতপূর্ব সফলতাৰ পাছত অসম ধীৰে ধীৰে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আৰু লাইভ কনচাৰ্টৰ এক পচন্দৰ গন্তব্যস্থলী হিচাপে আত্মপ্রকাশ কৰিছে।'
আনহাতে দেশৰ লগতে বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শকে অসমৰ উষ্ম আতিথ্য, বৈচিত্র্যপূর্ণ সংস্কৃতি, সুস্বাদু খাদ্য আৰু সেউজ পৰিৱেশৰ অভিজ্ঞতা লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অসম পর্যটনক নতুন গতিলৈ লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহে এতিয়া স্পষ্ট ফলাফল দেখুৱাবলৈ আৰম্ভ কৰিছে। এইধৰণৰ বিশ্বমানৰ অনুষ্ঠানসমূহে কেৱল বিনোদনৰ ক্ষেত্ৰতে আবদ্ধ নাথাকি পর্যটন, হোটেল, ব্যৱসায়, স্থানীয় উদ্যোগ আৰু সামগ্রিক অর্থনীতিতো নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। অসম এতিয়া কেৱল প্রাকৃতিক সৌন্দৰ্যৰ বাবেই নহয়, বিশ্বমানৰ অভিজ্ঞতাৰ বাবেও পৰিচিতি লাভ কৰিছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে ৰক বেণ্ড গানছ এন ৰ'জেছ হৈছে ১৯৮৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত গঠন হোৱা এক বিশ্ববিখ্যাত হার্ড ৰক বেণ্ড। ১৯৮০-ৰ দশকত পপ আৰু গ্লেম মেটেলৰ প্ৰভাৱ বেছি থকাৰ সময়তে, গানছ এন ৰ'জেছ-এ তেওঁলোকৰ পাৰস্পৰিক ৰক সংগীতেৰে সংগীত জগতত এক আলোড়ন সৃষ্টি কৰিছিল। সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ চনত ৰক বেণ্ড গানছ এন ৰ'জেছক সন্মানীয় 'ৰক এণ্ড ৰোল হল অব ফেম'ত অন্তর্ভুক্ত কৰা হৈছিল। এতিয়া বিশ্ব সংগীত জগতত আলোড়ন সৃষ্টি কৰা এই বেগুটোকেই সংগীত পৰিৱেশনৰ বাবে নিমন্ত্রণ জনোৱা হৈছে অসমলৈ।