উপ-সভাপতি নিযুক্ত কবীন্দ্র চেতিয়া ফুকন, জ্ঞানশ্ৰী বৰাক ৰাইজৰ দলৰ সাধাৰণ সম্পাদকৰ দায়িত্ব

dainik janambhumi May 25, 2026

ডিজিটেল ডেস্ক: সদ্যসমাপ্ত বিধানসভা নির্বাচনত বিশেষ চর্চালৈ অহা ৰাইজৰ দলৰ যুৱ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাক দলৰ গুৰুদায়িত্ব প্রদান কৰিছে সভাপতি অখিল গগৈয়ে। চৰকাৰী চাকৰি বাদ দি ৰাজনীতিলৈ অহা বৰাই মৰিয়নী সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি ৰূপজ্যোতি কুৰ্মীৰ হাতত পৰাস্ত হৈছিল। 

কালি জ্ঞানশ্রী বৰাক ৰাইজৰ দলৰ সাধাৰণ সম্পাদকৰ উপৰি জাতীয় যুৱ বাহিনীৰ সভানেত্ৰীৰ গুৰুদায়িত্ব অর্পণ কৰাৰ লগতে সভাপতি অখিল গগৈয়ে দলটোৱে বহুকেইজন নেতাক বিশেষ সাংগঠনিক দায়িত্ব অর্পণ কৰে। সেই অনুসৰি কবীন্দ্ৰ চেতিয়া ফুকনক উপ-সভাপতিৰ লগতে অ' বি চি মৰ্চাৰ সভাপতিৰ অতিৰিক্ত দায়িত্ব, হৰি প্ৰসাদ শইকীয়াক উপ-সভাপতি, দুলাল মৰাণক উপ-সভাপতি, প্রদীপ কুমাৰ বৰুৱাক উপ-সভাপতি, বেদান্ত লস্কৰক উপ-সভাপতি, জীয়াবুৰ ৰহমান খানক উপ-সভাপতি, মেহবুব মোক্তাৰক সাধাৰণ সম্পাদক, ৰাতুল হুছেইনক সম্পাদক, মানস কোঁৱৰক সম্পাদক, লক্ষ্যজ্যোতি গগৈক সম্পাদক, হিমাংশু গগৈক সম্পাদক, জয়ন্ত দাসক সম্পাদক, আনিছুৰ ৰহমানক সম্পাদক, মমী ৰায় চৌধুৰীক সম্পাদক, আজিজুৰ ৰহমানক ধর্মীয় সংখ্যালঘু কোষৰ সভাপতি হিচাপে দায়িত্ব অর্পণ কৰা বুলি এক বিবৃতিত দলটোৱে প্ৰকাশ কৰে।

Share This