ডিজিটেল ডেস্ক : 'ইউ পি পি এলৰ লগত আমাৰ কোনো মিত্ৰতা হোৱাৰ কথাই নাই। এন ডি এ হিচাপে আমি অসমৰ ১২৬টা সমষ্টিতে নিৰ্বাচন খেলিম। ইয়াৰে বি টি চিৰ ১৫টা সমষ্টিত বিজেপি আৰু বি পি এফৰ মাজত আসন বুজাবুজি হ'ব। এবছুৰ সভাপতি ছাত্ৰ সংগঠনৰ পৰা অব্যাহতি ল'বলৈ গৈ আছে। ১৪ মার্চত তেওঁ ইউ পি পি এলত যোগদান কৰিব। ইউ পি পি এল আৰু এবছুৰ মাজত যে কোনো পার্থক্য নাই সেই কথাটো স্পষ্ট হ'ব।'
এনেদৰে ইউ পি পি এল দল আৰু এবছু সন্দৰ্ভত মন্তব্য কৰে বি পি এফৰ মুৰব্বী তথা বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে। তেওঁ কালি বি টি চিৰ ২ নম্বৰ গুমা সমষ্টিৰ বাবুবিলত থকা বি পি এফৰ গুমা ব্লক কমিটীৰ নৱ নির্মিত কার্যালয় উদ্বোধন কৰি আৰু কয় গুমা ব্লক কমিটীৰ নতুন কাৰ্যালয়ৰ উদ্বোধন কৰাৰ পাছত মই শীঘ্রেই গুমা সমষ্টিত বহুতো উন্নয়নমূলক আঁচনিৰ উদ্বোধন কৰিম। গুমা সমষ্টিৰ অভাৱ-অভিযোগ দূৰ কৰাৰ বাবে ইয়াৰ পৰা নির্বাচিত বি পি এফৰ পাৰিষদ এণ্টাজ আলীৰ সহযোগত যুদ্ধকালীনভাৱে কাম কৰা হ'ব বুলি প্রতিশ্রুতি দিয়ে হাগ্রামা মহিলাৰীয়ে। তেওঁ বি টি চিবাসীক প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোদীৰ সভাত উপস্থিত থাকিবলৈ আহ্বান জনায়। প্রধানমন্ত্ৰীৰ কোকৰাঝাৰ আগমনে বি টি চিৰ বাবে আশীর্বাদ কঢ়িয়াই আনিব বুলি মহিলাৰীয়ে আশা প্রকাশ কৰে। কালিৰ অনুষ্ঠানত বি টি চিৰ পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰী, বি পি এফৰ কেন্দ্ৰীয় নেতা ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, গোসাঁইগাঁও জিলা বি পি এফৰ সভাপতি শোভাৰাম বসুমতাৰী, সাধাৰণ সম্পাদক বিল্লা কুমাৰ ব্ৰহ্মকে ধৰি দলটোৰ জিলা আৰু ব্লক পৰ্যায়ৰ বহু নেতা-কর্মী উপস্থিত থাকে।