ডিজিটেল ডেস্ক: প্ৰমিলা ৰাণী আউট, হাগ্ৰামা পত্নীৰ অভিষেক৷ ১১প্ৰাৰ্থীৰে বিটিচিত হাগ্ৰামাৰ যুঁজ আৰম্ভ৷ বিটিচিত ৰাজনৈতিক উত্তাপ বৃদ্ধি৷
বি পি এফৰ ১১জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা৷ ৰাজনীতিলৈ আহিল হাগ্ৰামাৰ পত্নী৷ টিকটৰ পৰা বাদ প্ৰমিলা ৰাণী ব্ৰহ্ম৷
১১সমষ্টিতে বৃহৎ জয়ৰ দাবী হাগ্ৰামা মহিলাৰীৰ৷ কোনে দখল কৰিব বিটিচি? তাকে লৈ জল্পনা-কল্পনাৰ অন্ত নাই৷
ৰাজ্যত বিধানসভা নিৰ্বাচন সমাগত, ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰস্তুতি, মিলাইছে মিত্ৰতাৰ অংক। প্ৰাৰ্থী নিৰ্বাচন আৰু জনমত গঢ়াৰ যুদ্ধ বৰ্তমান হৈ পৰিছে তীব্ৰতৰ। আজি পুৱাই গৰম কোকৰাঝাৰৰ ৰাজনৈতিক পৰিৱেশ। বিটিচিত আগন্তুক নিৰ্বাচনক লৈ প্ৰস্তুতি তুংগত। তাৰ মাজতে হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে বি পি এফৰ ১১জনীয়া প্ৰাৰ্থী তালিকা অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনত অভিষেক ঘটিব হাগ্ৰামাৰ পত্নীৰ। সেই অনুসৰি
কোকৰাঝাৰ সমষ্টিত হাগ্ৰামাৰ পত্নী শিউলী মহিলাৰীয়ে লাভ কৰিছে প্ৰাৰ্থিত্ব৷
চাওঁ আহক ১১জনীয়া প্ৰাৰ্থী তালিকা
কোকৰাঝাৰ- শিউলী মহিলাৰী
গোসাঁইগাঁও- শোভাৰাম বসুমতাৰী
দোতমা- ৰবিৰাম নাৰ্জাৰী
বাওখুংগ্ৰী- ৰূপম ৰায়
পৰ্বতঝোৰাত- ড° ৰেজাউল কৰিম
চিদলী চিৰাং- পানীৰাম ব্ৰহ্ম
মানাস- থানেশ্বৰ বসুমতাৰী
বাকসা- মনেশ্বৰ ব্ৰহ্ম
ভেৰগাঁও- মহেশ্বৰ বড়ো
ওদালগুৰি- ৰিহন দৈমাৰী
মাজবাট- চৰণ বড়ো
এই ১১টা সমষ্টিতে বি পি এফে বৃহৎ জয় সাব্যস্ত কৰিব বুলিও দৃঢ় মন্তব্য আগবঢ়াইছে হাগ্ৰামা মহিলাৰীয়ে। ইফালে টিকটৰ পৰা বাদ পৰিল প্ৰমিলা ৰাণী ব্ৰহ্ম।পাঁচবাৰকৈ কোকৰাঝাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম এইবাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাত ৰাজনৈতিক মহলত চৰ্চা তীব্ৰ হৈছে। উল্লেখযোগ্য যে, বি টি চিৰ বাহিৰত বি পি এফ দলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰে। সেয়েহে এই ১১ টা সমষ্টি দলটোৰ বাবে অতি গুৰুত্বপূর্ণ বুলি গণ্য কৰা হৈছে। এই প্ৰাৰ্থী তালিকাই কিমান প্ৰভাৱ পেলাব ভোটাৰৰ ওপৰত আৰু আগন্তুক নিৰ্বাচনত কোন দলে দখল কৰিব বি টি চি, সেয়া হ’ব যথাসময়ত লক্ষণীয়।