বিজনীত শিলাবৃষ্টিত তিনিশ বিঘাৰ পাচলি নষ্ট

dainik janambhumi March 19, 2026

ডিজিটেল ডেস্ক : চিৰাং জিলাৰ বিজনীৰ মনেশ্বৰী অঞ্চলত হোৱা আকস্মিক শিলাবৃষ্টিয়ে কৃষিক্ষেত্রত ভয়ংকৰ ক্ষতি কৰিছে। এই দুর্যোগত প্রায় আঢ়ৈশ বিঘাৰ পৰা তিনিশ বিঘা পর্যন্ত পাচলিৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হোৱা বুলি স্থানীয় সূত্রে জনাইছে। বিজনীৰ নিকটৱৰ্তী মনেশ্বৰী অঞ্চলৰ দক্ষিণ অংশত হোৱা এই শিলাবৃষ্টিৰ ফলত আলু, বিলাহী, বেঙেনা, বিন, ৰঙালাও, পিঁয়াজ, জলকীয়া, নহৰু আদি পাচলি ধ্বংস হৈছে। ফলত স্থানীয় কৃষকসকল গভীৰ চিন্তাত পৰিছে আৰু বহু কৃষক আর্থিক সংকটত ভুগিছে। 

বিশেষকৈ বহু কৃষকে ধাৰ লৈ কৰা খেতিপথাৰতে নষ্ট হৈ যোৱাত তেওঁলোক সর্বস্বান্ত হোৱাৰ আশংকাত ভুগিছে। খেতি নষ্ট হোৱাৰ ফলত ঋণ পৰিশোধ কৰাটো এতিয়া কৃষকসকলৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিছে। ইয়াৰ প্ৰভাৱ কেৱল ব্যক্তিগত পর্যায়ত সীমাবদ্ধ নাথাকি সমগ্র গ্রাম্য অর্থনীতিতো পৰিলক্ষিত হ'বলৈ আৰম্ভ কৰিছে। স্থানীয় কৃষকসকলে অভিযোগ কৰে যে অলপ বৰষুণ হ'লেও পথাৰৰ পানী ওলাই যাব নোৱাৰাৰ বাবে খেতিৰ ক্ষতি অধিক বৃদ্ধি পাই আহিছে। 

এজন ক্ষতিগ্রস্ত কৃষকে কয়, 'ঋণ লৈ খেতি কৰিছিলোঁ, কিন্তু, সকলো নষ্ট হৈ গ'ল। এতিয়া কেনেকৈ সেই ধন ঘূৰাই দিম। অলপ বৰষুণ হ'লেও পানী ওলাই নাযায়, ফলত খেতি বেয়া হৈ যায়।' এই পৰিস্থিতিত ক্ষতিগ্রস্ত কৃষকসকলে চৰকাৰৰ ওচৰত তৎকালীন সহায়-সহযোগিতা আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে, যাতে তেওঁলোকে পুনৰাই খেতিত থিয় দিব পাৰে।

Share This