ডিজিটেল ডেস্ক: অসমৰ সংবাদ জগতৰ মহীৰূহ, যোৰহাটৰ উপকণ্ঠ বালিগাঁৱৰ দিচৈকোষত জন্ম গ্রহণ কৰা প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ কালি পুৱা পৰলোকপ্ৰাপ্তি হোৱাত যোৰহাট জিলাখনৰ লগতে জন্মস্থান বালিগাঁৱতো গভীৰ শোক প্ৰকাশ কৰিছে।
অসমৰ সংবাদ জগতৰ সদা জাগ্ৰত প্ৰহৰী হিচাপে যুক্তিনিষ্ঠ ধ্যান-ধাৰণাৰে সংবাদসেৱাক উৎকৃষ্ট স্থানলৈ নিয়াত আজীৱন ব্ৰতী হৈ আমৃত্যু দায়িত্ব পালন কৰা চক্ৰৱৰ্তীৰ যোৰহাটৰ লগতে জন্মস্থান বালিগাঁৱৰ দিচৈকোষৰ প্ৰতি আছিল অগাধ শ্রদ্ধা। বালিগাঁৱৰ প্ৰতিগৰাকী মানুহৰ খবৰ ৰখাৰ লগতে ইয়াৰ সকলো অনুষ্ঠান তথা ব্যক্তি নির্বিশেষে তেওঁ জড়িত হৈ জীৱনৰ অন্তিম সময়লৈকে অঞ্চলটোৰ সামাজিক বিকাশত উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন পৰ্যায়ত চিন্তা-চৰ্চা কৰি আহিছিল।
ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে ছাত্ৰাৱস্থাতে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে গঢ়ি উঠা ছাত্র আন্দোলনতো জড়িত হৈছিল। আনহাতে, গ্রুপিং বিৰোধী আন্দোলনতো জড়িত হোৱা চক্ৰৱৰ্তীয়ে মহাত্মা গান্ধীৰ আদৰ্শৰে সেই সময়ত টাকুৰিত সূতা কাটি খদ্দৰ কামিজ চিলাই পিন্ধিছিল। প্রবীণ সাংবাদিকগৰাকীয়ে ১৯৯১ চনত দৈনিক জনমভূমি কাকতৰ পঞ্চমগৰাকী সম্পাদক হিচাপে যোগদান কৰি প্ৰায় এবছৰ ধৰি কাকতখনৰ উত্তৰণত পথ প্রদর্শক হয়। প্রথিতযশা সাংবাদিকগৰাকীয়ে ৰাজ্যৰ বিভিন্ন কাকতত যোগাত্মক মানসিকতাৰে সমালোচনাত্মক এনে বহু লেখা তথা সম্পাদকীয় লিখি অসমীয়া জাতিটোৰ জাতীয় বিষয়ত যুক্তিযুক্ততাৰে নিৰ্দিষ্ট পথ দেখুৱাই গৈছে। প্ৰখৰ স্মৃতি শক্তিৰ অধিকাৰী, অধ্যয়নপুষ্ট চক্ৰৱৰ্তীৰ বালিগাঁও যেন প্রাণস্বৰূপ আছিল।
যোৰহাটৰ পৰা গুৱাহাটীত থিতাপি লোৱা চক্ৰৱৰ্তীয়ে গুৱাহাটীত থকা বালিগাঁও মূলৰ লোকসকলক লৈ ২০০৪ চনতে আৰম্ভ কৰা মিলন চ'ৰাৰ আজিও সকলোৰে মাজত সান্নিধ্যৰে জীপাল কৰি জিলিকি আছে। এগৰাকী সমাজপ্রিয়, শিক্ষকসকলৰ প্ৰতি অগাধ শ্রদ্ধা থকা প্রবীণ সাংবাদিকগৰাকীয়ে বৰ্তমান গুৱাহাটী পাঞ্জাবাৰীত নিগাজিকৈ বসবাস কৰিছিল। তেওঁৰ বাসগৃহতো বিভিন্ন সংবাদ-পত্র, আলোচনী, আপুৰুগীয়া গ্ৰন্থৰ এক পুথিভঁৰাল আছে। সহজ-সৰল জীৱন যাপন কৰি প্ৰজ্ঞাৰ সাধনাত আজীৱন ব্রতী হোৱা ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুত যোৰহাটত গভীৰ শোকৰ ছাঁ পৰিছে।
তেওঁৰ মৃত্যুত সদৌ অসম বালিগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চ, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক ভৱেন পূজাৰী, বালিগাঁও মিলন মন্দিৰ, বালিগাঁও সন্মিলনী নাট্য মন্দিৰ, বালিগাঁও মাতৃ মন্দিৰ, বালিগাঁও কীর্তিচন্দ্ৰ লাইব্ৰেৰী, দিচৈকোষ নামঘৰ, বালিগাঁও মিলন মন্দিৰ পূজা সমিতি, উত্তৰ-পশ্চিম যোৰহাট সাংবাদিক সন্থা, গৰখীয়া দ'ল মহাশিৱৰাত্ৰি উৎসৱ সমিতি, প্রাক্তন বিধায়ক তথা সমাজকর্মী হেমন্ত কলিতা, যোৰহাট সাহিত্য সভাৰ সম্পাদক, যোৰহাট সাহিত্য মঞ্চৰ সম্পাদক দিগন্ত বৰুৱা, যোৰহাট থিয়েটাৰ, অসম সেনা, যোৰহাট আঞ্চলিক ছাত্র সন্থা, বালিগাঁও শাখা সাহিত্য সভা, উত্তৰ-পশ্চিম যোৰহাট শাখা সাহিত্য সভা, উত্তৰ-পশ্চিম যোৰহাট কবি সন্মিলন আদি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান তথা ব্যক্তি নির্বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। প্রথিতযশা সাংবাদিকগৰাকীৰ মৃত্যুত সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসে গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।