ভাৰত অভিমুখী মুখা ব'য়িঙৰ ২খন বিমানত কাৰিকৰী বিজুতি

dainik janambhumi June 17, 2025

ডিজিটেল ডেস্ক : দেওবাৰ আৰু সোমবাৰে ভাৰত অভিমুখে দুখন ব'য়িং ৭৮৭-৮ ড্রীমলাইনাৰ বিমান সন্দেহযুক্ত কাৰিকৰী বিজুতিৰ বাবে মাজ আকাশৰ পৰাই ক্ৰমে লণ্ডন আৰু হংকঙলৈ ঘূৰি যাবলগীয়া হয়। দেওবাৰে ব্ৰিটিছ এয়াৰৱেজৰ ড্রীমলাইনাৰ এখন বিমানৰ বিজুতি ধৰা পৰাৰ পাছত সোমবাৰে পুৱা উৰণৰ ৯০ মিনিটৰ পাছত হংকঙৰ পৰা নতুন দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানতো পাইলটে কাৰিকৰী বিজুতি প্রত্যক্ষ কৰাত বিমানখন হংকঙলৈ ঘূৰি যায়। 

আহমেদাবাদত অলপতে সংঘটিত ব'য়িং ৭৮৭-৮ ড্রীমলাইনাৰৰ কৰুণ দুৰ্ঘটনাৰ পাছত এতিয়া ব'য়িঙৰ বিমানত দেখা এনেধৰণৰ সঘন বিজুতিৰ ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে। হংকঙলৈ উভতি যোৱা বিমানখনৰ পাছত বিস্তৃত সুৰক্ষা পৰীক্ষা কৰা হয়। 

প্ৰভাৱিত বিমানখনৰ পৰা সকলো যাত্ৰী আৰু পৰিচালকসকলক সুকলমে উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে দেওবাৰে চেন্নাই অভিমুখী এখন ব'য়িং ড্রীমলাইনাৰ বিমান লণ্ডনৰ হিথ্র' বিমান বন্দৰৰ পৰা উৰা মাৰিলেও প্রায় দুঘণ্টাৰ পাছত কাৰিকৰী বিজুতি ঘটাত পুনৰ লণ্ডনলৈ উভতি গৈছিল।

Share This