বনৌষধঃসৌন্দৰ্য চৰ্চাত ইয়াৰ প্ৰয়োজনীয়তা.............

Dainik Janambhumi September 07, 2024

মধুমিতাৰ একলম ......     
  ডঃ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ 

ডিজিটেল ডেস্কঃ মানুহৰ মতে প্ৰকৃতিৰ নিয়ম নচলে। গুৱাহাটীৰ কৃত্ৰিম বানে আমাক বাৰে বাৰে তাকেই সকীয়াই গ'ল। তেনেতে এডোখৰ মুকলি ছন পৰা পথাৰ এখনত চকু পৰিল ৷ তাত কঁহুৱা ফুলিছে। নিজে নিজে গুণগুণাই উঠিলোঁ, কঁহুৱা বন, মোৰ অশান্ত মন। ভূপেনদাক বাদ দি আমি জানো কিবা ভাবিব পাৰোঁ ? ঋতু, সমাজৰ প্ৰতিটো উৎসৱ, মনৰ প্ৰতিটো আবেগ, প্ৰতিখন স্থানতে তেখেতে স্বাক্ষৰ এৰি থৈ গৈছে। স্বাক্ষৰ অৰ্থাৎ Signature, এগৰাকী ব্যক্তিৰ পৰিচয়। 
আমাৰ অসমৰ গছে- বন, ফুলে-পাতে সকলোতে ঔষধীয় গুণ আছে। এই সম্পদৰ ৫২৬ বিধক বৈজ্ঞানিকসকলে চিনাক্ত কৰি তালিকা বনাইছে। বিভিন্ন pharmaceutical company , ayurvedic products manufacturing company য়ে ইয়াৰ সন্ধানত অসম পাইছেহি। অসম চৰকাৰে, ভাৰত চৰকাৰে এই কাৰ্যৰ বাবে তেওঁলোকক যথেষ্ট সহযোগিতা আগবঢ়াইছে। দুখৰ বিষয় এয়া যে আমাৰ থলুৱা লোকে ইয়াৰ  কোনো উমান নাপায়। লাভবান হোৱাতো দূৰৰ কথা। কাৰণ অসমৰ মানুহে অসমৰ থলুৱা সম্পদক গুৰুত্ব নিদিয়ে। বিদেশী তথা বহিৰাগত দ্ৰব্যৰ ওপৰত গুৰুত্ব দিয়ে। বহু ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে কাটি জ্বলাই বহু বনৌষধি ধ্বংস কৰি পেলালে।  বনৌষধিৰ বাবে আমাৰ এটা পৰিচয় আছিল, নোহোৱা হ’ব। 
তেনে অতি প্ৰয়োজনীয় বনৌষধি কিছুমান হ’ল :- 
১. শেৱালি:  ছাল চুলিৰ বাবে মহৌষধ। পেটৰ পেলু, কৃমি, ডায়েবেটিছ,  তেজৰ বিভিন্ন সমস্যাৰ বাবে প্ৰয়োজন।
২. দ্ৰোণ:  এই শাকৰ গুণ অপৰিসীম। কিহত ইয়াৰ প্ৰয়োজন নাই, তাকে ক’ব নোৱাৰিম । দ্ৰোণ ঋষিৰ দৰে অত্যন্ত উপকাৰী। 
৩. কেহৰাজ: সকলোৱে ইন্দোলেখ তেল কিনে কিন্তু কেহৰাজসমূহ কাটি খাস্তাং কৰি থৈছে। কেইজনে চিনি পায়, সেইটো ক'ব নোৱাৰি। 
৪. পদুম ফুল: নাই বুলিব পাৰি। থকাখিনিও পূজাৰ বাবে ব্যৱহাৰ কৰা হয় । মানুহৰ যৌৱন ধৰি ৰাখিবলৈ উত্তম । 
৫. মানিমুনি:- এই বনৌষধিৰ ব্ৰহ্ম আশিস আছে। মানুহৰ সকলো সমস্যা ভাল কৰিব পাৰে। 
আজি পাঁচবিধ লিখিলোঁ। যদি আপোনাৰ পঢ়ি ভাল লাগিছে আৰু জানিব বিচাৰে তেনে জনাব কমেন্টত।

Share This