অট'ৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ

Nikimoni Kachari July 21, 2026

ডিজিটেল ডেস্ক : কাছাৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। এই ধাৰাবাহিকতাত ধলাই থানাৰ আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰি এখন পেট্ৰ'লচালিত অট'ৰিক্সাৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহজনক হেৰ'ইন জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সূত্ৰে জনোৱা মতে, গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ধলাই থানাৰ সন্মুখত বিশেষ নাকা তালাচী অভিযান চলোৱা হৈছিল। সেই সময়তে ভাগাবজাৰৰ দিশৰ পৰা শিলচৰ অভিমুখে আহি থকা AS-11 EC-5893 নম্বৰৰ পেট্ৰ'লচালিত অট'ৰিক্সাখন ৰখাই আৰক্ষীয়ে তালাচী চলায়।

তালাচীৰ সময়ত অট'ৰিক্সাখনৰ চালকৰ আসনৰ ভিতৰত অতি কৌশলে নিৰ্মাণ কৰা এটা গোপন খোপৰ পৰা চাৰিটা চাবোনৰ বাকচত লুকুৱাই ৰখা সন্দেহজনক হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

উদ্ধাৰ হোৱা মাদকদ্ৰব্যৰ আনুমানিক বজাৰ মূল্য কেইবালক্ষ টকা হ'ব বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে।

এই ঘটনাত শামাচৰণপুৰ গাঁও পঞ্চায়তৰ বাসিন্দা ছেবুল হুছেইন বৰভূঁইয়া নামৰ অট'ৰিক্সা চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This