কামাখ্যা কৰিড'ৰ নির্মাণত উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত, আই আই টি গুৱাহাটীৰ নক্সা মতে হ'ব কাম

dainik janambhumi February 14, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ বহু চর্চিত কামাখ্যা কৰিড'ৰ প্ৰকল্পটোৰ কাম আৰম্ভ কৰিবলৈ অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক সেউজ সংকেত দিছে। মাত্ৰ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এইটোৱেই চর্ত বান্ধি দিছে যে এই কৰিডৰে কামাখ্যা মন্দিৰৰ বা কামাখ্যা ধামৰ পৱিত্ৰ ভূগর্ভস্থ পানীৰ উৎসৰ কোনো ক্ষতি কৰিব নোৱাৰিব। কালি এই কথা প্রকাশ কৰি ৰাজ্যৰ মহাধিবক্তা দেৱজিত শইকীয়াই কয় যে আই আই টি গুৱাহাটীয়ে প্ৰস্তুত কৰি দিয়া নক্সা অনুসৰিয়েই ৰাজ্য চৰকাৰে কৰিৰ্ডৰৰ নিৰ্মাণ কৰিব বুলি শপতনামা দাখিল কৰাৰ পাছতেই ন্যায়ালয়ে ৰাজ্য চৰকাৰক সেউজ সংকেত দিয়ে। 

এই প্রসংগতে উল্লেখযোগ্য যে কামাখ্যা কৰিড'ৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা নক্সাত বিসংগতি থকাৰ অভিযোগ তুলি আৰু কামাখ্যা ধামৰ পৱিত্ৰ ভূগর্ভস্থ পানী শুকাই যোৱাৰ আশংকা কৰি নৱজ্যোতি শর্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছিল। এই গোচৰৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক বিষয়টো স্পষ্ট কৰাৰ নিৰ্দেশ দিয়াৰ পাছতে গোটেই বিষয়টো অধ্যয়ন কৰি এক সঠিক নক্সা প্ৰস্তুত কৰাৰ বাবে আই আই টি গুৱাহাটীক দায়িত্ব দিয়া হয়। ইনষ্টিটিউট অব হাইড্ৰ'লজি আৰু আই আই টি গুৱাহাটীয়ে এবছৰৰো অধিক সময়জুৰি চলোৱা গৱেষণাৰ অন্তত ৰাজ্য চৰকাৰে আই আই টিয়ে প্রস্তুত কৰা নক্সা ন্যায়ালয়ত দাখিল কৰাৰ পাছতে কালি ন্যায়ালয়ে এই নির্দেশ জাৰি কৰিছে। কালি সংবাদমেলখনত দেৱজিৎ শইকীয়াই চাহ শ্রমিকক মাাটিৰ পট্টা প্ৰদান কৰাৰ সম্পৰ্কতো ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰে। 

তেওঁ কয় যে ৭৫৭খন বাগিচাত ৰাজ্য চৰকাৰে শ্রমিকে বসবাস কৰি থকা ভূমিৰ মালিকীস্বত্ব শ্রমিকক প্ৰদান কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই ইণ্ডিয়ান টী এছ'চিয়েশ্যনে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক প্রত্যাহ্বান জনাই ডব্লিউ পি চি ৫০১/২৬ নম্বৰৰ গোচৰ উচ্চ ন্যায়ালয়ত ৰুজু কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যয়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্রহণ কৰি অসম চৰকাৰৰ এই প্রচেষ্টাক প্রশংসা কৰি প্ৰক্ৰিয়াটোৰ কোনো স্থগিতাদেশ জাৰি নকৰিলে। মহাধিবক্তাই লগতে এই বুলিও কয় যে ন্যায়ালয়ে শ্রমিকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিবলৈও সেউজ সংকেত প্ৰদান কৰে। তেওঁ লগতে এইবুলিও কয় যে ইণ্ডিয়ান টী এছ'চিয়েশ্যনে দেশৰ সৰ্বোচ্চ ন্যায়ালয়তো গোচৰ তৰিছিল যদিও এই গোচৰ কালি এছ'চিয়েশ্যনে প্রত্যাহাৰ কৰিছে।

Share This