২৮ এপ্রিলত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফল

dainik janambhumi April 24, 2026

ডিজিটেল ডেস্ক: প্রতীক্ষাৰ অন্ত পৰিল। মেট্ৰিকৰ পাছত ২৮ এপ্রিলত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। সামাজিক মাধ্যমযোগে কালি এইকথা ঘোষণা কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। 

উল্লেখযোগ্য যে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে পূর্বে ২১ এপ্ৰিলৰ পাছত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্রকাশ কৰিছিল। তাৰ পাছতে পৰীক্ষাৰ্থীসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছিল। সকলো উৎকণ্ঠাৰ অন্ত পেলাই কালি মুখ্যমন্ত্রী ড° শৰ্মাই অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰিচালনা কৰা চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ২৮ এপ্রিলত ঘোষণা কৰাৰ কথা ৰাজহুৱা কৰাৰ লগতে পৰীক্ষাৰ্থীসকললৈ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰে। 

লক্ষণীয় যে মেট্ৰিকৰ দৰে উচ্চতৰ মাধ্যমিকৰ ফলাফলো অনলাইনযোগে ঘোষণা কৰা হ'ব। আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ধাৰিত ৱেবছাইটসমূহৰ জৰিয়তে নিজৰ ফলাফল আৰু নম্বৰ তালিকা লাভ কৰিব পাৰিব। ফলাফল ঘোষণা কৰিবলগীয়া ৱেবছাইটসমূহৰ তথ্য অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইটৰ পৰা লাভ কৰিব পাৰিব। 

লক্ষণীয় যে চলিত বর্ষত কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাত মুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ ২,৪৭,৮৬৫গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১,০২,৬৪৮গৰাকী ছাত্ৰ, ১,৪৫,২১৬গৰাকী ছাত্ৰী আৰু এজন তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছিল। একেদৰে বিজ্ঞান শাখাত মুঠ ৬১,৫৬৮গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩৪,৮০১ ছাত্র, ২৬,৭৬৬ ছাত্ৰী আৰু এগৰাকী তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছিল। 

আনহাতে, বাণিজ্য শাখাত এইবাৰ অৱতীৰ্ণ হোৱা মুঠ ১৯,৮০৬গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১৩,৭৮২গৰাকী ছাত্ৰ আৰু ৬,০২৪গৰাকী ছাত্রী। বৃত্তিমুখী শাখাত অৱতীৰ্ণ হোৱা ১,৫০৫ পৰীক্ষাৰ্থীৰ ভিতৰত ৮৮৭গৰাকী ছাত্ৰ আৰু ৬১৮গৰাকী ছাত্রী। যোৱা ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈ ৰাজ্যৰ ৮২১টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছিল।

Share This