হিন্দুত্ব ‘কাৰ্ড’
Dainik Janambhumi
November 04, 2024
ডিজিটেল ডেস্কঃ ঝাৰখণ্ডত নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানে হিন্দু-মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতিৰে ৰাজ্যখনৰ ক্ষমতা দখলৰ প্ৰচেষ্টা তীব্ৰ কৰি তুলিছে বিজেপি দলে৷ ৰাজ্যখনত বাংলাদেশীৰ অনুপ্ৰৱেশৰ বিষয়টোক ভয়াৱহ ৰূপত তুলি ধৰি বিজেপি নেতাসকলে এনে এটা বাৰ্তা বিয়পাই দিব খুজিছে যে ৰাজ্যখনৰ বাসিন্দাসকলে এইবাৰ যদি বিজেপিক ক্ষমতাধিষ্ঠিত নকৰে, তেনেহ’লে আদিবাসীসকলকে ধৰি সকলো হিন্দু লোক অস্তিত্বৰ গভীৰ সংকটত পৰিব৷ উল্লেখ কৰা উচিত যে লোক সভাৰ নিৰ্বাচনৰ আগত ৰাজ্যখনৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক অবৈধ ধনৰ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰা হৈছিল৷
পাঁচ মাহ জে’লত থাকি মুকলি হৈ আহি হেমন্ত ছোৰেন পুনৰ মুখ্যমন্ত্ৰী হ’ল৷ মুখ্যমন্ত্ৰীজনক জে’ললৈ নিক্ষেপ কৰা সত্ত্বেও লোক সভাৰ নিৰ্বাচনত কিন্তু ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিশেষ ক্ষতি নহ’ল৷ ২০১৯ৰ লোক সভাৰ নিৰ্বাচনত ঝাৰখণ্ডত বিজেপিয়ে ১১টা সমষ্টিত জয়লাভ কৰিছিল৷ ইয়াৰ বিপৰীতে ঝাৰখণ্ড মুক্তি মৰ্চাই পাইছিল মাত্ৰ এখন আসন৷ কিন্তু ২০২৪ৰ নিৰ্বাচনত জে এম এমে লাভ কৰে ৩খন আসন৷ ইয়াৰ বিপৰীতে বিজেপিৰ আসন কমে ৮খনলৈ৷ এইবাৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এ আৰু জে এম এম নেতৃত্বাধীন ‘ইণ্ডিয়া’ৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতাৰ ছবিখন স্পষ্ট হৈ পৰিছে৷ এনে অৱস্থাত লক্ষণীয় হৈ পৰা দিশটো হৈছে– দুৰ্নীতিৰ অভিযোগত জে এম এমৰ মুখ্যমন্ত্ৰীজনক জে’ললৈ নিক্ষেপ কৰা সত্ত্বেও বিজেপিয়ে তাত দুৰ্নীতিক মূল ‘ইছ্যু’ কৰাৰ পৰিৱৰ্তে তাৰ হিন্দু, বিশেষকৈ আদিবাসী জনসাধাৰণক প্ৰভাৱিত কৰিবলৈ গুৰুত্ব দিছে হিন্দুত্বৰ কাৰ্ডখনক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ পৰা ৰাজ্যখনৰ বিজেপিৰ সহঃপ্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে প্ৰায়বোৰ নেতাৰ মুখত কেৱল বাংলাদেশীৰ আগ্ৰাসনৰ ভয়াৱহতাৰ কথা৷ দেওবাৰে নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প পত্ৰ’ প্ৰকাশ কৰি দিয়া ভাষণত অমিত শ্বাহে ৰাজ্যখনৰ জনসাধাৰণক দিয়ে, ‘মাটি, বেটী, ৰুটি’ৰ বাৰ্তা৷
এই বাৰ্তাৰ মূল বিষয়েই হৈছে বাংলাদেশী৷ শ্বাহে অভিযোগ কৰে যে বাংলাদেশীয়ে আহি ঝাৰখণ্ডৰ মাটিবোৰ দখল কৰিছে, আদিবাসী ছোৱালীবিলাকক প্ৰলোভন দি নিকাহ কৰাই হিন্দুৰ জনসংখ্যা হ্ৰাস কৰাৰ চক্ৰান্তত লিপ্ত হৈছে আৰু চাকৰিকে ধৰি সংস্থাপনৰ সুযোগবিলাক বাংলাদেশীয়ে কাঢ়ি লৈছে৷ যোৱা ৩ অক্টোবৰত ৰাজ্যখনত হাজাৰীবাগত বিজেপিৰ ‘পৰিৱৰ্তন যাত্ৰা’ৰ এক কাৰ্যসূচীত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ সুৰো আছিল হুবহু একে৷ তেওঁ কৈছিল ৰাজ্যখনত আদিবাসী আৰু অন্য হিন্দুৰ সংখ্যা কমিছে, ইয়াৰ বিপৰীতে বাংলাদেশীৰ সংখ্যা বৃদ্ধি পাই গৈ আছে৷ তেৱোঁ কৈছিল– যুদ্ধখন কেৱল ক্ষমতাৰ বাবে নহয়, ৰাজ্যখনৰ খিলঞ্জীয়াৰ ‘ৰুটি, বেটী, মাটি’ক ৰক্ষা কৰাৰ যুঁজহে৷ এইক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা সকলোৰে ঊধ্বৰ্ত৷ ৰাজ্যখনত বিজেপিৰ নিৰ্বাচনী সহঃপ্ৰভাৰীৰ দায়িত্ব গ্ৰহণৰ দিনৰ পৰাই ড০ শৰ্মাৰ মুখত কেৱল বাংলাদেশীৰ আগ্ৰাসনৰ প্ৰসংগ৷ তেওঁৰ প্ৰথম কেইটাদিনৰ বক্তব্যবোৰ বোধ হয় কোনেও পাহৰা নাই৷ তেওঁ কৈছিল– ঝাৰখণ্ডত বিজেপিয়ে চৰকাৰ গঠন কৰিলেই তাত নাগৰিকপঞ্জী উন্নীত কৰি বাংলাদেশীবোৰ চিনাক্ত কৰা হ’ব আৰু তাৰ পৰা গতিয়াই বাহিৰ কৰি দিয়া হ’ব৷
ড০ শৰ্মাৰ বক্তব্যবোৰে যে ৰাজ্যখনৰ পানী বাৰুকৈয়ে ঘোলা কৰিছে তাৰ উমান পোৱা যায় ‘ইণ্ডিয়া’ ব্লকৰ নেতাসকলৰ প্ৰতিক্ৰিয়াৰ পৰা৷ ‘ইণ্ডিয়া’ৰ নেতৃবৰ্গই ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ কৰিছে যে ড০ হিমন্ত বিশ্ব শৰ্মাই বিদ্বেষমূলক ভাষণেৰে ৰাজ্যখনত গৃহ যুদ্ধ সূচনা কৰাৰ ষড়যন্ত্ৰত নামিছে৷ ঝাৰখণ্ডৰ নিৰ্বাচনৰ এই দৃশ্যপটলৈ চালে এনে লাগে যেন দেশৰ শাসনৰ নেতৃত্ব দিয়া বিজেপি দলটো তথা প্ৰধানমন্ত্ৰী মোদীকে ধৰি ইয়াৰ শীৰ্ষ নেতাসকল বাংলাদেশীৰ অনুপ্ৰৱেশৰ সমস্যাটোক লৈ অতি ‘ছিৰিয়াছ’৷ কিন্তু বিজেপিৰ এই নেতাসকলৰ বক্তব্যবোৰ আৰু অসমৰ বাস্তৱ পৰিস্থিতিৰ তুলনা কৰিলে ইয়াৰ অন্তঃসাৰশূন্য ৰূপ এটাহে প্ৰকট হৈ উঠে৷ আজি বিজেপি ঝাৰখণ্ডত বাংলাদেশী বহিষ্কাৰক লৈ সৰৱ হৈছে৷ অথচ অসমীয়াই স্বাধীনতাৰ আগৰে পৰাই চিঞৰি আছিল অনুপ্ৰৱেশৰ ভয়াৱহতাৰ কথা৷ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমীয়াই এটা অভূতপূৰ্ব আন্দোলন কৰিছিল এই বিষয়টোৰ এক সংবিধানসন্মত সমাধান বিচাৰি৷ ৮৫৫গৰাকী অসমীয়া শ্বহীদ হ’ল এই আন্দোলনত৷ কিন্তু ইমানখিনি কৰিও অসমীয়াই কি পালে? কংগ্ৰেছক বাংলাদেশীৰ ৰক্ষক বুলি বিজেপিয়ে সমালোচনা কৰে, ঝাৰখণ্ডত দলটোৱে বাংলাদেশীৰ আগ্ৰাসনৰ বাবে জগৰীয়া কৰিছে হেমন্ত ছোৰেনৰ চৰকাৰক৷ কিন্তু কেন্দ্ৰত এটা দশক শাসন চলোৱা, অসমতো দুখনকৈ বিজেপি নেতৃত্বাধীন চৰকাৰে কাৰ্যনিৰ্বাহ কৰাৰ পাছতো অসমৰ বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যাটোৰ সমাধানৰ বাবে বিজেপিয়ে কি কৰিলে?
২০১৪ চনত ‘১৩ মে’ৰ পাছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব’ বুলি নৰেন্দ্ৰ মোদীয়ে দিয়া হুংকাৰৰ পৰৱৰ্তী সময়ত কি ব্যৱস্থা লোৱা হ’ল? এই প্ৰশ্নবোৰ উঠি আছে, হয়তো উঠিয়েই থাকিব৷ বাংলাদেশীক খেদোৱা দূৰৈৰ কথা, অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমৰ খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ দিয়াক লৈয়ে যিখন নাটক দীৰ্ঘদিন ধৰি মঞ্চস্থ হৈ আছে সেয়া ৰাইজে দেখিছে৷ সেয়েহে ঝাৰখণ্ডৰ হুংকাৰবোৰো নিৰ্বাচনত জিকিবলৈ কৰা একোখন নাটকৰ বাদে আন একো নহয় বুলি ভবাৰ অৱকাশ আছে৷
Share This