শিৱ সেনাৰ প্ৰতিষ্ঠা দিৱসত একনাথ-উদ্ধৱপন্থীৰ প'ষ্টাৰ-বেনাৰ যুদ্ধ, ২১ জুনত দল এৰিব ৬ বিদ্রোহী সাংসদে

dainik janambhumi June 20, 2026

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰত পুনৰ বিভাজনৰ ৰাজনীতি স্পষ্ট হৈ পৰাৰ সময়তে শুকুৰবাৰে বালাচাহেব থাকৰেই প্ৰতিষ্ঠা কৰা শিৱ সেনা দলৰ প্রতিষ্ঠা দিৱস পালন কৰা হয়। 'অপাৰেশ্যন টাইগাৰ'ৰ জৰিয়তে উদ্ধৱপন্থী ৬গৰাকী সাংসদক একনাথ সিন্দেৰ শিৱ সেনাত যোগদান কৰোৱাৰ প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে কালি শিৱ সেনাৰ দুয়োটা বিভাজিত গোটে দলৰ প্ৰতিষ্ঠা দিৱস পৃথককৈ পালন কৰে। 

শিৱ সেনাৰ উদ্ধৱ থাকৰে আৰু একনাথ সিন্দেৰ গোট দুটাই প'ষ্টাৰ আৰু বেনাৰ লগাই একপ্ৰকাৰ যুদ্ধসদৃশ পৰিৱেশেৰে দলৰ প্ৰতিষ্ঠা দিৱস পালন কৰে। ২০২২ চনত শিৱ সেনা দুটা গোটত বিভাজিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে প্রতিষ্ঠা দিৱসত দুয়োটা গোটে বান্দ্ৰা, কালনগৰ, মাতৃশ্ৰীৰ লগতে মুম্বাইত প'ষ্টাৰ-বেনাৰ লগাই দুয়োটা গোটৰ মাজত ৰাজনৈতিক প্রতিদ্বন্দ্বিতা জাহিৰ কৰে। 

আনহাতে, একনাথপন্থী শিৱ সেনাৰ নেতা চন্দ্ৰকান্ত ৰঘুবংশীয়ে দাবী কৰে যে অহা ২১ জুনত উদ্ধৱপন্থী গোটৰ ৬ সাংসদে একনাথ সিন্দেৰ শিৱ সেনাত যোগ দিব আৰু লোক সভাত এন ডি এৰ শক্তি বৃদ্ধি কৰিব। ইয়াৰ পাছতেই আজি প্রতিষ্ঠা দিৱসত দুয়োটা শিবিৰে বেনাৰ-প'ষ্টাৰ লগাই শক্তি প্ৰদৰ্শন কৰে।

Share This