ডিজিটেল ডেস্ক: অহা ২৯ মাৰ্চত নলবাৰী জিলাৰ টিহু সমষ্টিৰ অন্তৰ্গত চামতাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ। কালি চামতাত এই কথা জনায় ৰাজ্যৰ গৃহনির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিজেপিৰ প্রার্থী জয়ন্ত মল্লবৰুৱাই।
২৯ মাৰ্চৰ দুপৰীয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব লগা এক বিশাল দলীয় নির্বাচনী প্ৰচাৰ সভাত টিহু সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে দলীয় প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয় যে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ সভাত অর্ধলক্ষাধিক লোকৰ সমাগম হ'ব। এই উদ্দেশ্যে মন্ত্রী জয়ন্ত মল্লবৰুৱাই কালি চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয়। ইপিনে ৩০ মার্চত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বেলশৰত বিজেপিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব।
উল্লেখযোগ্য যে ৯ মার্চত অনুষ্ঠিত হ'ব লগা অসম বিধানসভাৰ নির্বাচনলৈ মাজত মাত্র ১৩ দিন বাকী থকা অৱস্থাত শাসকীয় বিজেপি দলে নলবাৰী জিলাৰ তিনিওটা বিধানসভা সমষ্টি ক্রমে নলবাৰী, টিহু আৰু বৰক্ষেত্ৰীত ব্যাপক নির্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালকৈ প্ৰধান বিৰোধী দল কংগ্ৰেছেও গাঁৱে গাঁৱে নির্বাচনী প্রচাৰত ব্যস্ত হৈ পৰিছে।
মন কৰিব লগা যে ৪০নং টিহু বিধানসভা সমষ্টিত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দুদিন ধৰি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা বিষয়টোৱে ৰাজনৈতিক মহলত ব্যাপক চর্চা হৈছে। প্রণিধানযোগ্য টিহু সমষ্টিত এইবাৰ বিজেপি প্রার্থী চন্দ্রমোহন পাটোৱাৰী আৰু কংগ্ৰেছ প্রার্থী ৰাতুল পাটোৱাৰীৰ মাজতে যুঁজ হ'ব বুলি গৰিষ্ঠসংখ্যক ভোটাৰে মন্তব্য কৰিছে।