ডিজিটেল ডেস্ক: নগালেণ্ডৰ ৰাজধানী চহৰ কহিমাৰ নাতিদূৰৈত অৱস্থিত কিছামাৰ নাগা হেৰিটেজ ভিলেজত যোৱা এক ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ আছে আকর্ষণীয় হর্নবিল ফেষ্টিভেল। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ এই ফেষ্টিভেললৈ আগমন ঘটিছে অগণন দেশী-বিদেশী পৰ্যটকৰ। তাৰ সমান্তৰালকৈ পাহাৰীয়া ৰাজ্যখনৰ মন জিলাৰ কন্যাক হেৰিটেজ কমপ্লেক্সত কালিৰে পৰা প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় হর্নবিল ফেষ্টিভেল- মন সংস্কৰণ।
কালিৰে পৰা ১০ ডিচেম্বৰলৈকে মনৰ কন্যাক হেৰিটেজ কমপ্লেক্সত অনুষ্ঠিত হ'ব এই হর্নবিল ফেষ্টিভেল। প্ৰথমবাৰৰ বাবে আয়োজন কৰা হর্নবিল ফেষ্টিভেল মুকলি কৰিলে নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৱে। উদ্বোধনী অনুষ্ঠানত উপস্থিত নগালেণ্ডৰ উপ-মুখ্যমন্ত্রী য়ানথুংগ' পাট্টনৰ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী পায়ৱাং কন্যাক তথা চৰকাৰী উচ্চপদস্থ বিষয়াসকল। নগালেণ্ড প্রশাসনে কন্যাক ইউনিয়নৰ সহযোগত আয়োজন কৰা প্ৰথম বার্ষিক হর্নবিল ফেষ্টিভেলত নগালেণ্ডৰ কন্যাক জনগোষ্ঠীৰ উপৰি আও, ফ'মকে ধৰি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।
উদ্বোধনী অনুষ্ঠানত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৱাংচু জনগোষ্ঠীৰ লোকসকলেও নিজস্ব সংস্কৃতি উপস্থাপন কৰে। হর্নবিল ফেষ্টিভেলৰ লগত সংগতি ৰাখি বিশেষভাৱে সজাই তোলা এটা সাংস্কৃতিক সংগ্ৰহালয় আৰু হস্তশিল্পৰ লগতে থলুৱা উৎপাদিত সামগ্ৰীৰ বাণিজ্য মেলাও উদ্বোধন কৰে মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৱে। মহোৎসৱটো উদ্বোধন কৰি পাহাৰীয়া ৰাজ্যখনৰ দুঠাইত হর্নবিল ফেষ্টিভেল অনুষ্ঠিত কৰা সন্দৰ্ভত মুখ্যমন্ত্রী নেফিঅ' ৰিঅ'ৱে মন্তব্য আগবঢ়ায় কয় যে চৰকাৰে নগালেণ্ডক সাংস্কৃতিক পৰ্যটনৰ এক বিশেষ স্থান হিচাপে গঢ়ি তুলিবলৈ বিচাৰে। নগালেণ্ডৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্যক যাতে আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত উপস্থাপন কৰিব পৰা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটন উৎসৱ পালন কৰিব বিচাৰে চৰকাৰে। তাৰ লগতে কহিমাত অনুষ্ঠিত হর্নবিল ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ সকলোৰে ইচ্ছা থকাৰ পাছতো মন জিলাৰ লোকসকলৰ বাবে ই কেতিয়াবা সম্ভৱ হৈ নুঠে দূৰত্ব তথা যাতায়াতৰ ব্যৱস্থা সুচল নোহোৱাৰ বাবে। সেয়েহে এইবাৰ প্ৰথমবাৰৰ বাবে মিনি হর্নবিল ফেষ্টিভেল আয়োজন কৰা হৈছে।
পৰৱৰ্তী সময়ত বিশালভাৱে মন জিলাত এই উৎসৱ অনুষ্ঠিত কৰি চুবুৰীয়া ৰাজ্য ম্যানমাৰৰ লগত সংযোগ কৰা সাংস্কৃতিক বিনিময় গঢ়ি তুলিবলৈ প্রয়াস কৰা হ'ব। আনহাতে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ভিতৰত দেশখনক উন্নত দেশলৈ আগবঢ়ায় নিবলৈ প্রয়াস কৰাৰ সময়ত নগালেণ্ডৰ সকলো লোককে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে শান্তি-সম্প্ৰীতিৰ বার্তাবাহক হিচাপে থিয় দিলেহে নগালেণ্ডৰ উন্নতি হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্রী নেফিঅ' ৰিঅ'ৱে।