ডিজিটেল ডেস্ক : নগালেণ্ডৰ কহিমাৰ কিচামা গাঁৱত ১ৰ পৰা ১০ ডিচেম্বৰলৈ হর্নবিল মহোৎসৱ অনুষ্ঠিত হ'ব। নগালেণ্ড চৰকাৰে এই মহোৎসৱৰ বাবে ছুইজাৰলেণ্ড আৰু আয়াৰলেণ্ডক সহযোগী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। নতুন দিল্লীত অলপতে অনুষ্ঠিত এখন বৈঠকৰ পাছত এই ঘোষণা কৰা হয়। নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' আৰু নতুন দিল্লীত থকা ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰদূত মায়া টিস্সাফিৰ মাজত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়।
মুখ্যমন্ত্রী নেইফিউ ৰিঅ'ই লগতে আয়াৰলেণ্ডৰ ৰাষ্ট্রদূত কেভিন কেলিক সাক্ষাৎ কৰে আৰু আয়াৰলেণ্ডক হর্নবিল মহোৎসৱৰ বাবে অন্য এখন সহযোগী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে।
ৰাষ্ট্ৰদূত কেলিয়ে কয় যে এই সহযোগিতাই আয়াৰলেণ্ড আৰু ভাৰতৰ মাজত বর্ধিত সাংস্কৃতিক আৰু ৰাজনৈতিক সম্বন্ধ প্রতিফলিত কৰিছে। ইয়াৰ পূৰ্বে হর্নবিল মহোৎসৱৰ বাবে ব্রিটেইনকো সহযোগী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছিল।