কেনে যাব আজিৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল

Jyoti Borah July 30, 2023

ডিজিটেল ডেস্কঃ ৩০ জুলাই ,২০২৩, দেওবাৰ

১. মেষ ৰাশি (অ,ল)-মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত নতুন কৰ্ম লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত আমনি লাগিব পাৰে৷ ঘৰলৈ আলহীৰ আগমণ ঘটিব পাৰে৷ ধন লাভ।

২. বৃষ ৰাশি( উ,ব,ই)- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান লাভ হ'ব, ধন লাভ হ'ব ৷ প্ৰেমত শুভ ৷ শৰীৰত  আঘাত পোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি( ক,ছ)- মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ নতুন যোগোযোগ হ’ব পাৰে৷কৰ্মত সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে । নতুন বন্ধু লাভ।

৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব  ৷ লগতে আজি আপোনাৰ কৰ্মক্ষেত্রত জটিলতা হ্ৰাস  পাব। বন্ধু লাভ। হাতলৈ ধন আহিব। 

৫. সিংহ ৰাশিৰ (ম,ট)- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত শুভ ।আমোদ প্ৰমোদ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।খৰচ বৃধ্দি হ’ব পাৰে৷ চকুৰ যত্ন ল’ব।

৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব ৷আবেগিক ভাৱ বাঢ়িব ।পাৰিবাৰিক দিশত অতি শুভ৷ প্ৰেমত শুভ৷ খৰচ অলপ বাঢ়িব পাৰে৷ 

৭. তুলা ৰাশি (ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য খং ভাৱ বাঢ়িব পাৰে,বন্ধুৰে  মনোমালিন্য হোৱাৰ যোগ দেখা যায়‌। হাতলৈ ধন আহিব পাৰে৷ 

৮. বৃশ্চিক ৰাশি (ন,য)- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব। প্ৰেমত শুভ হ'ব যদিও আজি সকলো দিশতে সতৰ্ক হোৱাটো ভাল হ'ব।কামত নতুন যোগাযোগ৷ 

৯. ধনু ৰাশি (ধ,ভ)- ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব ।চকুৰ ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। বন্ধু লাভ। 

১০. মকৰ ৰাশি (খ,জ)- মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, ধন লাভ হ'ব। আনৰ প্ৰসংশা লাভ কৰাৰ যোগ দেখা যায়।চকুৰ যত্ন ল’ব৷ ধন লাভ কৰিব।

১১. কুম্ভ ৰাশি(গ,শ,স)- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ শুভ হ'ব, ৰোগৰ পৰা আৰোগ্য হ'ব। আজি আপুনি সজাগ নহলে মনত আৰু কৰ্মত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায় চকুৰ ৰোগৰ আশংকা আছে৷ 

১২. মীন ৰাশি( দ,চ)- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব । খৰচ বাঢ়িব পাৰে যদিও হাতলৈ ধন অহাৰো যোগ৷ প্ৰেমত শুভ। কামৰ নতুন সংযোগ। শুভ সংবাদ লাভ কৰিব।

Share This