ৰন্ধন গেছৰ নাটনি, কাজিৰঙাত বন্ধ হোৱাৰ উপক্রম হোটেল-ৰেস্তোৰাঁ

dainik janambhumi March 28, 2026

ডিজিটেল ডেস্ক: যি সময়ত ইৰান-ইৰাকৰ মাজত যুদ্ধ লাগি আছে, ঠিক তেনে সময়তে সমগ্র দেশত ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি ডিজেল, পেট্রল আদি ইন্ধনৰ নাটনিয়ে দেখা দিছে। এই ইন্ধনৰ নাটনিৰ প্ৰভাৱ কাজিৰঙাতো পৰা পৰিলক্ষিত হৈছে। 

বিশেষকৈ ৰন্ধন গেছৰ লগতে তেল ডিপ'ত সীমিত পৰিমাণৰ তেল দিয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ সমস্যাই দেখা দিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকক আতিথ্য প্রদান কৰিবলৈ বৃহত্তৰ কাজিৰঙা অঞ্চলত শতাধিক পর্যটন নিৱাস আছে। এই পর্যটন নিবাসবোৰত ৰন্ধনৰ কামত ব্যৱহাৰ কৰে ৰন্ধন গেছ। অতি গুৰুত্বপূৰ্ণ কথা এই বৃহৎ সংখ্যক পর্যটন নিৱাসৰ ৰান্ধনীশালত ৰন্ধন গেছ যোগান ধৰাৰ বাবে কাজিৰঙাত মাত্র এটা গেছ এজেঞ্চি আছে আৰু কিছু পৰিমাণে বোকাখাতৰ পৰা যোগান ধৰা হয়। 

অতি পৰিতাপৰ কথা যে দেশত ৰন্ধন গেছৰ নাটনি হোৱাত বাণিজ্যিক গেছৰ যোগান বন্ধ কৰি দিয়া হয়। ফলত কাজিৰঙাৰ পৰ্যটন নিৱাসবোৰত ভীষণ সমস্যাই দেখা দিছে। কিছু পৰ্যটন নিৱাসৰ গৰাকীয়ে জানিবলৈ দিয়া মতে, ভাৰতীয় তেল নিগম লিমিটেডে পর্যটন নিৱাসত বাণিজ্যিক গেছ চিলিণ্ডাৰ যোগান বন্ধ কৰাত এতিয়া ভীষণ সমস্যাই দেখা দিছে। ফলত ৰন্ধন গেছৰ নাটনিৰ বাবে পৃথকৈ খৰিৰ ৰান্ধনীশাল প্রস্তুত কৰিব লগা হৈছে। খৰিৰ ৰান্ধনীশাল নিৰ্মাণ কৰা হৈছে যদিও বর্তমান বাৰিষাৰ বতৰত উপযুক্ত খৰি নোপোৱাত আন এক সমস্যা হৈছে। ইফালে পৰ্যটকৰ চাহিদা অনুযায়ী সকলো খাদ্য সামগ্ৰী খৰিৰ চৌকাত সময়মতে প্ৰস্তুত কৰাত অসম্ভৱ বুলিও পর্যটন নিৱাসৰ গৰাকীয়ে জানিবলৈ দিয়ে। যাৰ ফলত পৰ্যটকক সকলো খাদ্য সামগ্রী যোগান ধৰাত অপাৰগ হৈছে হোটেল ব্যৱসায়ী। হোটেল আৰু ৰেষ্টুৰেণ্টত বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান বন্ধ হোৱাত কাজিৰঙাৰ একাংশ পর্যটন নিৱাসৰগৰাকীয়ে কেৱল পৰ্যটন নিৱাসত বাহৰ পাতি থকা পৰ্যটককহে খাদ্য সামগ্রী যোগান ধৰিছে। আনহাতে, পর্যটন নিৱাসত ৰাত্রি যাপন নকৰা পৰ্যটকক খাদ্য যোগান ধৰাৰ পৰা বিৰত থাকিব লগা হৈছে। যদি এনেদৰে দীর্ঘ সময়লৈকে ৰন্ধন গেছৰ নাটনি হৈ থাকে, তেন্তে কাজিৰঙাত হোটেল-ৰেষ্টুৰেণ্ট বন্ধ হোৱাৰো উপক্ৰম হোৱাৰ সম্ভাৱনাৰ আছে বুলি জানিব পৰা গৈছে। 

ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যত ইন্ধনৰ কোনো নাটনি নোহোৱাৰ কথা ৰাইজক অৱগত কৰি থকা অৱস্থাত ৰন্ধন গেছৰ লগতে পেট্রল আৰু ডিজেলৰ নাটনিৰ এক গুজৱ উঠাত প্রায়সংখ্যক যান-বাহনৰ গৰাকীয়ে জোখতকৈ অধিক পৰিমাণৰ তেল ক্ৰয় কৰাত কঁহৰা আৰু কাজিৰঙাত থকা তেল ডিপোত বিশেষকৈ পেট্ৰলৰ নাটনি হোৱাৰ উপক্ৰম হৈছে। একে সময়তে বাহনত তেল ভৰাবলৈ বিশেষকৈ কঁহৰা তেল ডিপোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰোৱাবলৈ নিয়া জীপ ছাফাৰীৰ গৰাকী আৰু চালকে বহু সময় ধৰি অপেক্ষা কৰিব লগা হৈছে। 

উল্লেখযোগ্য যে যান-বাহনৰ গৰাকীয়ে তেলৰ নাটনি হোৱাৰ গুজৱ জানিব পাৰি একে সময়তে অত্যধিক তেল ক্ৰয় কৰাত একাংশ চালকে ক্ৰয় কৰা আৰম্ভ কৰিছিল। ফলত তেল ডিপ'ত অনাকাংক্ষিত ভিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। এই সমস্যা লাঘৱ কৰাৰ উদ্দেশ্যে কঁহৰা তেল ডিপ'ত এখন বাহনত এবাৰত এহেজাৰ টকাৰ তেল দিয়াৰ নিয়ম বান্ধি দিছে। ইফালে গোলাঘাট জিলা প্রশাসনে এক জাননীযোগে ৰাইজক এক আহ্বান কৰা মতে প্রয়োজনকৈ অধিক পৰিমাণৰ ইন্ধন সংগ্ৰহ কৰি কৃত্রিম নাটনিৰ পৰিস্থিতিৰ সৃষ্টি নকৰে। অতিৰিক্ত ইন্ধন সংগ্ৰহ কৰাৰ বাবে তেল ডিপ'বোৰত অপ্রয়োজনীয় ভিৰ পৰিলক্ষিত হৈছে প্ৰশাসনৰ। ফলত নাগৰিকৰ অসুবিধাৰ সৃষ্টি হৈছে। গতিকে সকলো নাগৰিকে শান্তি-শৃংখলা আৰু সহযোগিতামূলক আচৰণ বজাই ৰাখিবলৈ গোলাঘাট জিলা আয়ুক্তই অনুৰোধ জনাইছে।

Share This