ফেটিগ কেনেকৈ হয়....?
Dainik Janambhumi
August 04, 2024
মধুমিতাৰ একলম ......
ডঃ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ
ডিজিটেল ডেস্কঃ দিনটো অফিচত কাম কৰি বা বিভিন্ন ব্যবসায় কৰি গধুলি শৰীৰত বল নোহোৱা হয়। একো কৰিবলৈ মন নাযায়। ফ’ন পিটিকি বা টিভিৰ ৰিম’ট টিপি পৰি থাকিয়ে ভাল লাগে। মোৰো একেই হয় , মিছা ক’লে কি ডাল হ’ব ?
আত্মাৰাম গুৰুৰ আশ্ৰমত যোগ বিদ্যা শিকোতে গম পালোঁ এয়াই fatigue, exhaustion .. দিনটো বহি বহি কাম কৰিলে ফেটিগ হয়। দিনটো বহুত খোজঁকাঢ়ি , দৌৰাদৌৰি অত্যন্ত শাৰীৰিক পৰিশ্ৰম কৰি ভাগৰিলে এক্সহশ্বন হয়। এনে হ’লে চন্দ্ৰ নমস্কাৰ কৰিব লাগে। ময়ো আপোনাৰ দৰেই ভাবিছিলোঁ কাৰ এইবোৰ কৰিবলৈ শক্তি আছে ? গুৰু আত্মাৰামদেৱৰ মতে শৰীৰৰ শক্তি অপাৰ, ততোধিক শক্তি আছে হেনো মনটোৰ । মনে বিচাৰিলে সকলো সম্ভৱ হয় ।
চন্দ্ৰ নমস্কাৰে শৰীৰটো পুনৰ জীৱিত কৰি ৰক্তচাপ স্বাভাৱিক কৰে। মই শিকাবলৈ নাযাওঁ, গুগল কৰি চাই শিকি লওক।
ভাগৰুৱা শৰীৰত পুনৰ সতেজতা আনিবলৈ কেইটামান কাম কৰিব পাৰে। ৰাতিপুৱা এচামুচ ছ'ফ এগিলাচ পানী তিয়াই থৈ গধুলি ঘূৰি আহি এই পানীখিনি খাব। দাঁত নিমখ পানীৰে আওখালিব।মুখ-হাত ভৰি প্ৰথমে চেঁচা পানীৰে ধুই পুনৰ গৰম পানীৰে ধুব। তাৰ পিছত আৰেহ ৱাচ আৰু পানীৰে ধুই গামোচাৰে পানীখিনি টুকিব। মুখত চজিনা পাত, কেঁচা পাত সোণ, শতমূল আদিৰে প্ৰস্তুত কৰা গ্ৰীন গোল্ড ছিৰাম লগাই ফেচ যোগাসন কৰিব।
নখবোৰ টেপিব । দুখন হাতৰ তলুৱা জোৰত কেইবাবাৰো ঘহি গৰম কৰিব। এই গৰম তলুৱা দুই চকুৰ ওপৰত কিছু সময় ধৰি ৰাখিব,আৰাম লাগিব। কাপোৰ সলাই কামত লাগি যাওক নতুন উদ্যমেৰে। ভাগৰক প্ৰশ্ৰয় দিলে ভাগৰ বেছি লাগে। টিভি চোৱাতকৈ ভাল ভাল কথা ভাবি ঘৰুৱা কাম কৰক। কবিতা লিখিবলৈ চেষ্টা কৰক, গান শুনক।
Share This