আজিৰ দিনটো কেনে যাব? ৰাশিফল চাই জানো আহক

Kakali Deka August 16, 2023

১৬ আগষ্ট ২০২৩, বুধবাৰ

মেষ : কৰ্মক্ষেত্ৰত জটিলতা। বাহিৰা খাদ্যত মন নিদিব। সময়ৰ কাম সময়ত শেষ কৰা ভাল হ’ব। আনৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত সমস্যাত পৰিব পাৰে। দিনটো ভাল–বেয়াৰ মাজেৰে পাৰ হ’ব। শিৱ আৰধনা কৰক।

বৃষ : দূৰত ক’ৰবালৈ যোৱাৰ ক্ষেত্ৰত এতিয়াই কাকো কথা নিদিব, কিছু অপেক্ষা কৰক। কুকুৰৰ পৰা সাৱধান। কৰ্মক্ষেত্ৰত জটিলতা। বাহিৰা খাদ্যত মন নিদিব। সময়ৰ কাম সময়ত শেষ কৰা ভাল হ’ব।

মিথুন : প্ৰেমত ধুমুহা আহিব, কিন্তু ব্যৱস্থা লোৱাৰ আগতে ব্যক্তিজনৰ মন পৰীক্ষা কৰা উচিত। পৰিয়ালত শুভ। চোৰৰ পৰা সাৱধান।

কৰ্কট : যিকোনো ধৰণৰ গেজেটছ, বিশেষকৈ কম্পিউটাৰক লৈ সমস্যাত পৰিব পাৰে। প্ৰেমত শুভ। ঘৰলৈ আলহী আহিব। খৰচ বাঢ়িব।

সিংহ : আৰ্থিক ক্ষেত্ৰত বেয়া খবৰ পাব পাৰে, কিন্তু সেয়া সম্পূৰ্ণৰূপে সঁচা নহ’বও পাৰে। ব্যৱসায়কলৈ চিন্তা। পুৰণি বন্ধুক লগ পাব। মনৰ শান্তি ঠিকে থাকিব।

কন্যা : নতুন সম্পৰ্ক আৰম্ভ কৰাৰ ক্ষেত্ৰত দিনটো একেবাৰে ভাল নহয়, পদক্ষেপ নল’ব। ব্যয় ভাবি-চিন্তি কৰক। খৰচ নিয়ন্ত্ৰণ নহ’লে বিপদত পৰিব। প্ৰেমিক-প্ৰেমিকাৰ সংঘাত।

তুলা : প্ৰিয়জনৰ দুৰ্ব্যৱহাৰ গাত লগাই ল’লে নহ’ব। মূৰ শীতল কৰি ৰাখিলে সম্পৰ্ক মজবুত হৈ উঠিব। আয় বাঢ়িব। দূৰ ভ্ৰমণ হব পাৰে।

বৃশ্চিক : যিমানেই প্ৰিয় বন্ধু হওক, আনৰ আবেগত জড়িত হৈ নপৰিব, নিজকে সংযত ৰাখক। চোৰৰ পৰা সাৱধান। গণেশৰ আৰধনা কৰক। নতুন বস্তু ক্ৰয় কৰিব পাৰে।

ধনু : নতুন সম্পৰ্ক বা কাম আৰম্ভ কৰাক লৈ চিন্তা–চৰ্চা কৰক, কিন্তু পদক্ষেপ নল’ব। খৰচ বাঢ়িব। প্ৰেমত শুভ। মাতৃৰ স্বাস্থ্য উন্নত।

মকৰ: সময় খৰচ নকৰি সৃজনশীল কামত মন দিয়ক, মন তাতেই ভালে থাকিব। আলহী আহিব। বিয়াৰ খবৰ আহিব পাৰে। পৰিয়ালত সুখ-শান্তি বাঢ়িব।

কুম্ভ : অতিৰিক্ত উপাৰ্জনৰ সুযোগ পাব, আগতে সকলো দিশ পৰীক্ষা কৰক। সন্তানক লৈ চিন্তা। পত্নীৰ শুভ। ব্যৱসায়ত মন্থৰ গতি। খৰচ কমিব।

মীন : প্ৰেমত শান্তি। পৰিয়ালত শুভ। নতুন চাকৰিৰ খবৰ পাব পাৰে। কোনো ভাল লগা মানুহক আজি লগ পোৱাৰ সম্ভাৱনা। দূৰ ভ্ৰমণত যাব পাৰে।

Share This