বাৰিষাকালত ভৰিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি.....?

Dainik Janambhumi August 09, 2024

মধুমিতাৰ একলম ......     
  ড০ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ 

ডিজিটেল ডেস্কঃ বাৰিষা ভৰিৰ বহুত সমস্যা দেখা যায়। নখ ক'লা পৰা, ভৰি গোন্ধোৱা, ভৰিৰ গোৰোহা ফটা, আঙুলিৰ মাজত পানীয়ে খোৱা, ঘা লগা ইত্যাদি। ভৰিৰ যত্নৰ খুব প্ৰয়োজন। বিশেষকৈ যিসকলৰ ডায়েবেটিচ ,  উচ্চ ৰক্তচাপ, থাইৰইড, ভৰি ফুলা, ভৰিৰ বিষ আছে তেওঁলোকে নিয়মীয়াকৈ ভৰিৰ যত্ন ল’ব লাগে। মাহত এবাৰকৈ হলেও পেডিকিৱৰ কৰাব লাগে, অভিজ্ঞ পেডিকিৱৰিষ্ট নাইবা চীৰ'পডিষ্টৰ হতুৱাই। ডাঙৰ কথা হৈছে যে মেডিকেল বিল, জোতা, ঔষধত প্ৰায় লাখত খৰচ কৰিলেও পেডিকিৱৰ কৰিবলৈ কৃপণালী কৰে। মনত ৰাখিব লগা কথা হৈছে সকলোৱে পেডিকিৱৰ কৰিব নেজানে। কেৱল অভিজ্ঞ পেডিকিধৰিষ্টেহে জানে। 
আমাৰ ভৰি আৰু ভৰিৰ তলুৱাৰ লগত শৰীৰৰ প্ৰত্যেক অংগৰ নাড়ী,নলিকা, স্নায়ু, সিৰা জড়িত আছে।  লগতে মাংসপেশীৰ গঠন, হাড়ৰ গঠনৰ বিশেষ ধৰণ আছে। প্ৰতিটো অংগৰ আকু পইণ্ট, মাৰমা পইণ্ট,  চী পইণ্ট , ৰীফ্লেক্স পইণ্ট ভৰি দুখনত আছে। অকল ভৰিৰ পেডিকিৱৰ কৰিয়েই গোটেই শৰীৰৰ স্বাস্থ্য ভালে ৰাখিব পৰা যায়। অলপ ভুল হ'লে মাৰাত্মক কাণ্ড হ’ব পাৰে। সেই বাবে পেডিকিৱৰ কৰিবলৈ বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন হয়।  ইয়াৰ বাবে যথেষ্ট পঢ়িব লাগে। 
মানুহে ভাবে ভৰি চোৱা বেয়া কথা। সেয়া সৰু মনৰ অল্প জ্ঞানীৰ ভুল ধাৰণা। ভৰি দুখনে আমাৰ ভাৰ কঢ়িয়াই ফুৰে, আমাৰ প্ৰতিটো অংগৰ পৰিচালনা কৰাত বিশেষ ভূমিকা লয়।  সেয়ে হিন্দুসকলে ভৰি দুখনক বিশেষ সন্মান দিয়ে। যেনে দৰা-কইনা বা গুৰুজনৰ ভৰি ধুওৱা। ঈশ্বৰৰ চৰণ অভিষেক কৰা, চৰণ স্পৰ্শ কৰা। পেডিকিৱৰ প্ৰথা প্ৰথম ভাৰতীয় সংস্কৃতিৰ মূল হিচাপে ৫০০০ বছৰ পূৰ্বৰ পৰা প্ৰচলিত। সেই বাবে পেডিকৱৰ নিয়মিত কৰাব লাগে। ভাল অভিজ্ঞ লোকৰ হতুৱাই কৰালে বহুত সমস্যাৰ পৰা হাত সাৰিব পাৰিব। আৰাম লাগিব, টোপনি ভাল হ’ব, শক্তি বাঢ়িব, কাম কৰাৰ ক্ষমতা বাঢ়িব। বিশেষকৈ ডায়েবেটিছ, থাইৰইড, ৰক্তচাপ, হৃদয়ৰ সমস্যা থকাসকলে নিশ্চিতভাৱে কৰাব।

Share This