নখ ধুনীয়া কৰি ৰখাৰ ৪ টা ঘৰুৱা উপায়

Kakali Deka September 08, 2023

ডিজিটেল ডেস্কঃ আমি হাত দুখন ধুনীয়া কৰি ৰাখিবলৈ নখত ৰঙা, নীলা, হালধীয়া আদি বিভিন্ন ৰঙৰ নেইলপলিচ ব্যৱহাৰ কৰো। এই ৰঙবোৰ লগাই ল'লে  নখবোৰ কিমান ধুনীয়া দেখা যায় সেয়া হয়টো আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু এই নেইলপলিচ ৰংটো যদি আমি আঁতৰাই দিও তেতিয়াহে নখৰ আচল আকৃতিটো ওলাই আহে। নেইলপলিচ ব্যৱহাৰ নকৰাকৈ ধুনীয়া নখ পাবলৈ কিছুমান সহজ টিপছ জানি লও আহক-
 

টুথপেষ্ট:
আমি দাঁত ব্ৰাছ কৰাৰ দৰেই নখ ব্ৰাছ কৰিব লাগে। নখৰ ব্ৰাছত টুথপেষ্ট লগাই নখ পৰিষ্কাৰ কৰক। কিছুদিন পিছত দেখিব আপোনাৰ নখ  চিকচিকিয়া হৈছে। 
নেমু-বেচন পেষ্ট:
এটা বাটিত অলপ নেমুৰ ৰস লওক তাৰ পিছত তাত বেচন মিহলাই লওক। এই নেমুৰ ৰস আৰু বেছন পেষ্ট কিছু সময় নখত লগাব। তাৰ পিছত ব্ৰাছেৰে পৰিষ্কাৰকৈ ধুব।
মইশ্ব'ৰাইজাৰ:
শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক। হাত সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। চিকচিকিয়া বগা নখ পাবলৈ মইশ্ব’ৰাইজাৰ নিয়মিতভাৱে ব্যৱহাৰ কৰিব লাগে।
নাৰিকল তেল 
ছাল আৰু চুলিৰ বাবে নাৰিকল তেল অতি উপকাৰী। ছাল আৰু চুলিৰ উপৰিও নাৰিকল তেলে নখৰ বৃদ্ধিতো সহায় কৰে। যদি আপোনাৰ নখবোৰ বৃদ্ধিতকৈ বেছি খৰকৈ ভাঙি যায় তেন্তে নখত নাৰিকল তেল লগাব লাগে। এটা বাটিত নাৰিকল তেলৰ লগত মৌ মিহলাই লওক। তাৰ পিছত এই মিশ্ৰণত নখবোৰ ১৫ৰ পৰা ২০ মিনিট তিয়াই থওক।
 

Share This