MENU

পৰুৱাৰ পৰা চেনিখিনি কেনেকৈ বচাব?

Kakali Deka February 28, 2025

ডিজিটেল ডেস্কঃ সকলো শস্য, খাদ্যবস্তু ভালদৰে নাৰাখিলে নষ্ট হ’বলৈ আৰম্ভ কৰে৷ এনে খোৱা খাদ্যৰ ভিতৰত চেনিও এটা৷ চেনি ভালদৰে সংৰক্ষণ কৰি নাৰাখিলে তাত পৰুৱাইতো ধৰিবই, লগতে চেনিখিনি গলি যোৱাৰ সম্ভাৱনা পূৰামাত্ৰাই থাকে৷ সেয়ে চেনিখিনি ভালদৰে সংৰক্ষণ কৰাটো জৰুৰী৷ জানো আহক চেনি সংৰক্ষণ কিদৰে কৰিম–


১. বাহিৰৰ আৱহাৱা যিমানে সঠিক নাথাকক কিয়, ভালদৰে চেনি নাৰাখিলে পৰুৱাই ধৰাটো স্বাভাৱিক লগতে চেনি গলিও চেনিখিনি নষ্ট হ’ব পাৰে৷ বিশেষকৈ গৰমৰ দিনত চেনি বেছিকৈ গলিব ধৰে৷ সেয়ে কম তাপমাত্ৰাত চেনি ৰখা উচিত৷ প্লাষ্টিক বা এলুমিনিয়ামৰ পাত্ৰত চেনি ৰখাটো সুবিধাজনক নহয়৷ তাৰ পৰিৱৰ্তে কাচৰ পাত্ৰত চেনি ৰাখিলে বহুদিন ধৰি চেনি ঝৰঝৰিয়া হৈ থাকে আৰু পৰুৱা সোমাব নোৱাৰে৷ চেনি ৰখা পাত্ৰটো প্ৰতিবাৰ ব্যৱহাৰ কৰাৰ পাছত ঢাকনিখন টানকৈ মাৰি থ’ব লাগে৷

 

২. চেনিত পৰুৱাই ধৰাটো এটা সাধাৰণ ঘটনা৷ চেনিৰ ৰখা বাচনটো ভালদৰে বন্ধ নকৰিলে তাত পেৰুৱা সোমালই৷ সেয়ে চেনি ৰখা বাচনটোৰ সাঁফৰখনত এখন পাতল প্লাষ্টিকেৰে যুক্ত কৰি মাৰিব লাগে, যাতে পৰুৱা সোমাব নোৱাৰে৷

 

৩. চেনি থোৱা পাত্ৰটোত ডালচেনি বা লং এটা ৰাখিলে পৰুৱাই নোসোমায়৷ কাৰণ ডালচেনি বা লঙৰ গোন্ধ পৰুৱাই সহ্য কৰিব নোৱাৰে৷


৪. বহুদিন ধৰি সংৰক্ষণ কৰি ৰখাৰ পাছত চেনি গলিবলৈ আৰম্ভ কৰে৷ তাৰ বাবে চেনি ৰখা পাত্ৰ পৃথক পৃথক হ’ব লাগে৷ প্ৰতিদিনে ৰখা পাত্ৰটোৰ চেনি শেষ হৈ হ’লে পাত্ৰটো ভালদৰে ধুই শুকাই ল’ব লাগে৷ পাত্ৰটোত সগায় এখন চামুচ ৰাখিব লাগে৷ মনত ৰাখিব লাগে ভিজা চামুচ বা হাতেৰে যাতে চেনি ব্যৱহাৰ কৰা নহয়৷ চেনি ভিজিলে তাৰ চোক নাইকিয়া হয়৷

Share This