গৰমত চুলিখিনিৰ যত্ন কেনেকৈ ল'ব?

Dainik Janambhumi July 29, 2024


মধুমিতাৰ একলম ...... 

ডঃ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ

 

ডিজিটেল ডেস্কঃ  গৰমত চুলিখিনি লৈ মহা সমস্যা। তেল লগালে গৰম বেছি লাগে, নলগালে চুলি সৰে, ৰুক্ষ হয়। চুলিত ৰং কৰাসকলে আকৌ চুলিত তেল বা হেনা লগাব মানা কৰে। যিয়ে যি কলেও কিন্তু চুলিৰ বাবে তেল অমৃত। তেল লগোৱা চুলি কোমল, মিহি হয়। সোনকালে বাঢ়ে,  সৰা কমে। গৰমৰ দিনত তেল আৰু পিয়াজৰ ৰস মিহলাই চুলিত আৰু চুলিৰ গুৰিত লগালে গৰম নালাগে বৰঞ্চ মূৰ ঠাণ্ডা পৰে, উচ্চ ৰক্তচাপ নিয়মিত হয়। মূৰ ঘূৰোৱা ঠিক হয়,  অকণি নাইকিয়া হয় , জ্বৰ ভাল হয়, চুলি গজে। কথা হ'ল পিয়াজৰ ৰস উলিওৱা এটা ডাঙৰ কাম ।

 

এদিন দুদিন ঠিকেই আছে, সদাই উলিওৱা দিগদাৰ । সেয়ে লা কেৰাটিন তেলত পিয়াজৰ ৰস, মহাভৃঙ্গৰাজ, মুলেঠি, ব্ৰাহ্মী আদি কৰি ২১ বিধ থলুৱা বনৌষধি মিহলাই তৈয়াৰ কৰা হৈছে। লগালে টোপনি ভাল হয়, টেনচন কমে, মূৰৰ বিষ ভাল হয় , চুলি সৰা বন্ধ হয়, উফি নোহোৱা হয়, চুলি গজে। ইয়াক ৰাতি চুলিৰ গুৰিত লগাব, মালিছ কৰিব। কমেও এঘন্টা ৰাখিব। চুলি, মূৰ ভাল দৰে ধুব। লা ছিল্ক ব্যবহাৰ কৰিব । জাপানীজ টেকন’লজীৰে লা ছিল্ক চাউলৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক লগালে চুলি মিহি হৈ পৰে।  গৰমৰ দিনত চুলিত জেতুকা পিহি লগাব।  উচ্চ ৰক্তচাপ কমে। চুলিৰ উফি নাইকিয়া হয়, চুলি সৰা বন্ধ হয়।

একাপ লা হেনা দুকাপ গৰম গাখীৰ বা পানীত তিয়াই থব। লা হেনাত স্থানীয় জেতুকা আৰূ পাকিস্তানৰ হেনাৰ মিশ্ৰণ কৰি তৈয়াৰ কৰা হয় ।গাখীৰত প্ৰ'টিন,  খাদ্যপ্ৰাণ, আৰ্দ্ৰতা আদিকে ধৰি সকলো পুষ্টি থাকে, গতিকে লগালে চুলিৰ গুৰিত অতিৰিক্ত পুষ্টিৰ যোগান ধৰা হয়। চেঁচা হ'লে তালুত প্ৰথমে লগাব। তাৰ চাৰিওফালে অলপ অলপকৈ সেওঁতা ফালি লৈ লা হেনা লগাই একেবাৰে শেষত হেয়াৰ লাইনত লগাই দিব। এনেকৈ লগালে প্ৰতিডাল চুলিৰ গুৰিত লাগিব। ৩০-৪০ মিনিট ৰাখিব। পানীৰে ধুব।  লা বটানী শ্বেম্পু ঔটেঙা আৰু জবা ফুলেৰে তৈয়াৰ কৰা বাবে চুলিৰ গুৰি মজবুত হয় , চুলি গজে। তাৰে ধুই প্ৰাকৃতিকভাৱে শুকাব। এনেকৈ গৰমৰ দিনত চুলিৰ যত্ন ল'লে চুলি ভাল হ’ব, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হব। ষ্ট্ৰেচ কমিব, টোপনি ভাল হ’ব। সপ্তাহত এবাৰকৈ কৰিলে চুলিৰ সমস্যাৰ পৰা টেনচন ফ্ৰি , জীৱন সুন্দৰ হ’ব।

 

এটাই জীৱন, বেছি টেনচন লৈ কিয় থাকিব লাগে? নে কি কয়? টকাৰ অভাৱ, সমস্যা থাকিবই। ৰাজ কাপুৰ চাহাবে কৈছিলেই: -"জীনা ইছিকে নাম হ্যেয় !"

Share This