ফকিৰগঞ্জত শ শ এ আই ইউ ডি এফ কৰ্মীৰ প্ৰতিবাদ

dainik janambhumi March 09, 2026

ডিজিটেল ডেস্ক : প্রাক্তন বিধায়ক আলী আকবৰ মিঞাৰ এ আই ইউ ডি এফ দলত যোগদানৰ তীব্ৰ বিৰোধিতা কৰিছে এ আই ইউ ডি এফৰ নেতা-কর্মীয়ে। 

প্রাক্তন বিধায়কজনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে কালি পৰিৱেশ উত্তাল কৰে নেতা-কর্মীসকলে। বিধানসভা নির্বাচনত নৱগঠিত বীৰসিং জৰুৱা সমষ্টিত গোপনে আলী আকবৰ মিঞাক এ আই ইউ ডি এফত যোগদান কৰাই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ এ আই ইউ ডি এফৰ কর্মকর্তাৰ। 

আলী আকবৰ মিঞাই যাতে কোনো প্ৰকাৰে দলত যোগদান কৰিব নোৱাৰে তাৰ বাবে আজি নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ ১৪খন গাঁও পঞ্চায়তৰ শশ এ আই ইউ ডি এফৰ কৰ্মীয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে পূর্বে বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল আলী আকবৰ মিঞা।

Share This