ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিষেধাজ্ঞাকো নেওচি মেঘালয়ত চলাই থকা অবৈধ কয়লা খনিত কালি সংঘটিত এক দুর্ঘটনাত ১৮জন শ্রমিকে প্রাণ হেৰুৱায়। মৃত অধিকাংশই অসমৰ বাসিন্দা।
জানিব পৰা মতে, মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ তাচকুৰ চুটাংগা অঞ্চলৰ কয়লা খনিত কালি এক বৃহৎ বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত পাহাৰৰ এটা অংশ ভাগি পৰে। ফলত বহু লোক খনিটোৰ ভিতৰত আবদ্ধ হৈ পৰে। এতিয়াললৈকে খনিটোৰ ভিতৰৰ পৰা ১৮জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বৰ্তমানলৈকে নিহতসকলৰ ভিতৰত কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ বিহাৰা পঞ্চম খণ্ডৰ সৰিষাকুড়িৰ দিলদাৰ হুছেইন, আনোৱাৰ হুছেইন আৰু ফাৰুক আহমেদক চিনাক্ত কৰা হৈছে। দুর্ঘটনাটোৰ খবৰ পোৱাৰ পাছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে।
ইফালে, কয়লাখনিত কিমান শ্রমিকে সেই সময়ত কাম কৰি আছিল সেই বিষয়ে কোনো সঠিক তথ্য পোৱা হোৱা নাই। খনিটোৰ ভিতৰত জমা হোৱা মিথেন গেছ অথবা খননৰ বাবে ব্যৱহাৰ কৰা বিস্ফোৰক সামগ্ৰীৰ ভুল ব্যৱহাৰৰ বাবেই এই দুর্ঘটনা সংঘটিত হোৱা বুলি প্রাথমিক তদন্তত সন্দেহ কৰা হৈছে। ইফালে, শেহতীয়াকৈ চাৰিগৰাকী শ্রমিকক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সঞ্চালক প্রধান আই নংৰাঙে জনোৱা মতে, উদ্ধাৰকাৰী দলে যুদ্ধ সদৃশ তৎপৰতাৰে কাম কৰি আছে আৰু এতিয়ালৈকে ১৮টা মৃতদেহ উদ্ধাৰ কৰিছে। ইফালে ইষ্ট জয়ন্তীয়া পাহাৰৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও নির্ণয় হোৱা নাই বুলি জনাই সমগ্র ঘটনাটোৰ তদন্ত কৰি থকাৰ কথা অৱগত কৰে। স্থানীয় লোকে প্রকাশ কৰা মতে, খনিটোত কাম কৰা অধিকাংশ শ্রমিকেই অসমৰ আছিল।
মন কৰিব লগীয়া কথা যে ২০১৪ চনতে মেঘালয়ত 'ৰেট হল' মাইনিং নিষিদ্ধ কৰা হৈছিল। কিন্তু ইয়াৰ পাছতো মেঘালয়ৰ ভিন্ন স্থানত গোপনে কয়লা খনন অব্যাহত আছে। ২০১৮ চনতো এনে এক দুর্ঘটনাত বহু শ্রমিকে প্রাণ হেৰুৱাইছিল। সম্প্ৰতি আৰক্ষীয়ে খনিটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰি তেওঁক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছে। ইফালে, এই ঘটনাৰ পাছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে।
ইফালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰে। মোদীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।