ভোট চুৰিক লৈ হাইড্ৰ'জেন বোমাৰ বিস্ফোৰণ হ'বঃ ৰাহুল গান্ধী

dainik janambhumi September 02, 2025

ডিজিটেল ডেস্ক : আণৱিক বোমাৰ পাছত এইবাৰ 'ভোট চুৰি'ক লৈ হাইড্ৰ'জেন বোমাৰ বিস্ফোৰণ ঘটাব বুলি দাবী কৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ৰ সামৰণিত সোমবাৰে ইয়াত অনুষ্ঠিত এখন সমাৱেশত ভাষণ দি লোক সভাত বিৰোধী দলপতি গান্ধীয়ে কয়, 'এটম বোমাতকৈ ডাঙৰ হাইড্র'জেন বোমা। বিজেপিৰ লোকসকল সাজু হওক। হাইড্র'জেন বোমা আহি আছে। সমগ্র দেশে আপোনালোকৰ সততা জানিব পাৰিব। 

হাইড্ৰ'জেন বোমাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশত নিজৰ মুখ দেখুৱাব নোৱাৰিব।' গান্ধীয়ে কয় যে যিবিলাক শক্তিয়ে মহাত্মা গান্ধীক হত্যা কৰিলে সেই শক্তিসমূহক সংবিধানক হত্যা কৰিবলৈ দিব নোৱাৰি। গান্ধীয়ে আৰু কয়, 'মহাৰাষ্ট্ৰত নিৰ্বাচনত চুৰি কৰা হৈছিল। লোক সভাৰ নিৰ্বাচনৰ পাছত প্রায় এক কোটি নতুন ভোটাৰ যোগ দিয়া হয়। আমি লোক সভাৰ নির্বাচনত যিমান ভোট পাইছিলোঁ আমাৰ পৰা সিমান ভোট বিধানসভাৰ নির্বাচনত গ'ল। নতুন সকলো ভোট বিজেপিৰ পক্ষে গ'ল। কিয়নো নির্বাচন আয়োগ আৰু বিজেপিয়ে মিলি ভোেট চুৰি কৰিলে। 

আমি স্পষ্টভাৱে দেখুৱালোঁ যে এটা সমষ্টিত এক লাখ ভুৱা ভোটাৰ আছিল। আমি তথ্য দেখুৱালোঁ। নির্বাচন আয়োগে আমাক ভোটাৰ তালিকা নিদিয়ে, চি চি টিভি নেদেখুৱায়। চাৰি মাহ ১৬-১৭ ঘণ্টা কাম কৰি আমি দেশক প্ৰমাণ কৰি দেখুৱালোঁ।' সমাৱেশত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খৰ্গে, আৰ জে ডিৰ নেতা তেজস্বী যাদৱ আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনেও ভাষণ দিয়ে।

Share This