ডিজিটেল ডেস্ক : 'জুবিনক লৈ মই ৰাজনীতি নকৰোঁ। কংগ্ৰেছেহে জুবিনক লৈ ৰাজনীতি কৰি আছে। নির্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ কথা আনি কংগ্ৰেছে পাপ কৰিছে। 'এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। কালি গুৱাহাটীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "জুবিনে কৈছিল- পলিটিক্স নকৰিবা বন্ধু। মই গৌৰৱ গগৈ, ৰকিবুল হুছেইনক কৈছোঁ, জুবিনক লৈ পলিটিক্স নকৰিবা বন্ধু। কংগ্রেছে জুবিনক টানি আনি ভুল কৰিছে। বিষয়টো ন্যায়ালয়ত আছে, ফাষ্টট্রেক আদালতে কাম কৰি আছে। তাৰ পাছতো তেওঁলোকে জুবিনক লৈ ৰাজনীতি আৰম্ভ কৰিছে।
ইয়াৰ সমান আৰু দুখজনক কথা একো থাকিব নোৱাৰে।” মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কয়, 'জুবিনক শান্তিত, নীৰৱে থাকিবলৈ দিয়ক, আমনি নিদিব।' ইফালে, কংগ্ৰেছৰ নেতাসকল ভূপেন হাজৰিকাৰ সমাধিলৈ কিয় নাযায় বুলি প্রশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয়, 'জুবিনৰ সমাধিলৈ যোৱাটো কংগ্ৰেছৰ ৰাজনীতি। ইনক্লুছিভ মাইণ্ডে জুবিনৰ ইছ্যুটো বেছিকৈ আনিবলৈ কংগ্ৰেছৰ নেতাসকলক কৈছিল। ষ্টাৰবাকত মিটিং পাতি এই আলোচনা কৰিছিল ইনক্লুছিভ মাইণ্ডে। তেওঁলোকৰ মানুহেই সেই ভিডিঅ' কৰি আমাক দিছিল। মই মুখ্যমন্ত্রী হ'লে আটাইকেইটা গ্ৰেপ্তাৰ কৰিম।' মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনৰ নামত ৰাজনীতি কৰা কাকো নেৰোঁ বুলি হুংকাৰ দি কয়, 'মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত মই জুবিন গাৰ্গৰ সমাধিত যাম।' আনহাতে, জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত আদালতত এমাহৰ ভিতৰতে ভাল খবৰ আহিব বুলি জনায় ড° শৰ্মাই।
প্রণিধানযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগ কালি পুনৰ উত্থাপন কৰে। তেওঁ কয়- গৌৰব গগৈয়ে মোৰ পৰিয়ালৰ সম্পত্তিৰ তালিকা দেখুৱাব নালাগে। প্রথমে তেওঁ পাকিস্তান আৰু ব্রিটেইনত থকা সম্পত্তিৰ তালিকাখন দেখুৱাওক। তেওঁৰ পত্নীৰ পাকিস্তানত থকা বেংক একাউন্টটো নিৰ্বাচনৰ শপতনামাত উল্লেখ কৰা নাই। নিৰ্বাচনৰ পাছত গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সন্দৰ্ভত নতুন তথ্য ফাদিল কৰিম বুলিও কয় ড° শর্মাই। আনহাতে, আজি প্রিয়ংকা গান্ধী অসমত প্ৰচাৰ চলাবলৈ অহাৰ সন্দৰ্ভত তেওঁ কয়- প্রিয়ংকা গান্ধী অহাত কোনো আপত্তি নাই। চাহ-জলপান খাই তেওঁ যাবগৈ। যেতিয়া তেওঁলোক শাসনত আছিল তেতিয়া অসমলৈ নাহিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়-'এতিয়া আহি লাভ নাই।'