ডিজিটেল ডেস্ক: তেজপুৰ মহাবিদ্যালয়ৰ নামত ২০০৯ চনত আবণ্টন কৰা তেজপুৰ দোলাবাৰী পথৰ মৰাভৰলীৰ ১০ বিঘা মাটিৰ এফালে প্রায় এবিঘা মাটিৰ পকী দেৱাল ভাঙি জলসম্পদ বিভাগে নীতিবহির্ভূতভাৱে দখল কৰা কাৰ্যত তেজপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে ২০০৯ চনতে ড° চাৰু চহৰীয়া নাথ মহাবিদ্যালয়খনৰ অধ্যক্ষা হৈ থকা সময়তে সম্পূৰ্ণ চৰকাৰীভাৱে ভূমি উপদেষ্টা পৰিষদৰ অনুমোদন মর্মে উক্ত ভূমি খণ্ডত তেজপুৰ মহাবিদ্যালয়ৰ দ্বিতীয় চৌহদ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰে। বৰ্তমান থকা মহাবিদ্যালয়খনৰ ভূমিৰ পৰিমাণ যথেষ্ট কম হোৱাৰ বাবেই মহাবিদ্যালয়খনৰ দ্বিতীয় কেম্পাছ হিচাপে নতুন ভৱন নিৰ্মাণৰ লক্ষ্যৰে মহাবিদ্যালয় কর্তৃপক্ষই তেতিয়াৰে পৰা মহাবিদ্যালয়ৰ ভূমিৰ নামত ভূমি ৰাজহো আদায় দি অহাৰ লগতে ২০০৯ চনতে চৌহদত পকী বেৰ আদি নিৰ্মাণ কৰাৰ পিছত কোনো ক্ষেত্রতে অৱগত নকৰাকৈ জলসম্পদ বিভাগে পকী বেৰা ভাঙি তেওঁলোকৰ বাবে নিৰ্মাণ কৰিব বিচৰা কার্যত মহাবিদ্যালয় কর্তৃপক্ষই ব্যাপক প্রতিক্রিয়া প্রকাশ কৰি বুধবাৰে এই সন্দর্ভত জিলা আয়ুক্তক অধ্যক্ষ ড° মনোজ কুমাৰ হাজৰিকাই সমষ্ট তথ্যসহ এখন আৱেদন কৰি এই নির্মাণ বন্ধ কৰিবলৈ আহ্বান জনায়।
এই সন্দর্ভত অধ্যক্ষ ড° মনোজ কুমাৰ হাজৰিকাই কালি জনোৱা মতে সমষ্ট বিষয়টো জলসম্পদ বিভাগকো আবেদন আকাৰে কালিয়েই অৱগত কৰাৰ পিছতো কালি নির্মাণ বন্ধ কৰা নাই জলসম্পদ বিভাগৰ সংশ্লিষ্ট ঠিকাদাৰগৰাকীয়ে। জানিব পৰা মতে নির্বাচনী ধামখুমীয়াৰ মাজত ঠিকাদাৰগৰাকীয়ে কোনো তথ্য আদি পর্যবেক্ষণ নকৰাকৈ ধনৰ লোভত জধে-মধে কামটো শেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছে।