উৰিয়ামঘাট সীমান্তৰ কেইবাখনো গাঁও নিঃশেষ হোৱাৰ উপক্রম, দৈয়াং নৈৰ বুকুত অবাধ শিল খনন

dainik janambhumi May 25, 2026

ডিজিটেল ডেস্ক : উৰিয়ামঘাট সম-জিলাৰ অসম-নগালেণ্ড সীমান্তত দৈয়াং নৈ দুয়োপাৰে চলিছে শিল মাফিয়াৰ অবাধ শিলখনন। উৰিয়ামঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত উৰিয়ামঘাট অসম-নগালেণ্ড সীমান্তৰ দৈয়াং নদীত চলা অবৈধ শিল খননে লৈছে ভয়াৱহ ৰূপ। 

অসাধু শিল মাফিয়াৰ কৱলত পৰি লাহে লাহে নিঃশেষ হোৱাৰ উপক্ৰম হৈছে সীমান্তৱৰ্তী কেইবাখনো গাঁও তথা দৈয়াং নৈৰ দুয়োপাৰ। ইমানৰ পাছতো কাণসাৰ নাই প্রশাসন আৰু বন বিভাগৰ, নাকী লগাব পৰাই নাই অসাধু শিল ব্যৱসায়ীক। পৰিতাপৰ বিষয় যে নগালেণ্ড প্রশাসনৰ পৰা দৈয়াং নৈ সিটোপাৰে তথা নগালেণ্ডৰ ভূমিত শিল খননৰ অনুমতি লৈ অসমৰ মাটিত অবৈধভাবে দৈয়াং নদীৰ পাৰৰ অসমৰ ভূমিত চলাইছে অবাধে শিলখনন কার্য। নিশা হ'লে অধিক হাৰত জে চি বি, ফ'কলেন ব্যৱহাৰ কৰি খনন কৰে অসমৰ ভূমি। এনে অবৈধ শিল খননৰ ফলত অসমৰ ভূমিৰ শ শ বিঘা মাটি জাহ গৈছে দৈয়াং নদীৰ বুকুত, ভাবুকি আহিছে দাঁতি-কাষৰীয়া গাঁওসমূহলৈ। 

উল্লেখযোগ্য যে বিগত বর্ষত অসম- নগালেণ্ড সীমান্তত অসম চৰকাৰে বন বিভাগৰ তত্ত্বাৱধানত চলাইছিল অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ব্যাপক উচ্ছেদ অভিযান। এই উচ্ছেদৰ জৰিয়তে বন বিভাগে সীমান্তত প্রায় ২২হাজাৰ বিঘা বনভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছিল। কিন্তু শেহতীয়াকৈ এইসমূহ অঞ্চল জনশূন্য হৈ পৰাৰ পূৰ্ণ সুযোগ গ্রহণ কৰি এচাম অসাধু চক্ৰই দৈয়াং নদীৰ পাৰত অবাধে সংগোপনে চলাইছে শিলৰ অবৈধ খনন। চতুৰালিৰে ক্ষমতাশালী নগালোকক লগত লৈ গোলাঘাট, সৰুপথাৰ আৰু উৰিয়ামঘাটৰ কেইজনমান অসাধু ব্যৱসায়ীয়ে অবৈধভাবে শিল খনন কৰি সৰবৰাহ কৰিছে ৰাজ্যৰ বিভিন্ন প্রান্তলৈ। ইপিনে শিলৰ এই ৰমৰমীয়া ব্যৱসায়ত সৰুপথাৰৰ কেইজনমান অনা-অসমীয়া পুঁজিপতি বণিয়াই পুঁজিৰ যোগান ধৰাৰো অভিযোগ উত্থাপন হৈছে। 

বন বিভাগ, আৰক্ষী আৰু প্ৰশাসনৰ লগতে সীমান্তত নিয়োজিত চি আৰ পি এফক সহজতে মেনেজ কৰি চলি থকা এই অবৈধ শিল খননৰ ফলত অস্তিত্বৰ সংকট আহিছে সীমান্তৰ কেইবাখনো গাঁৱলৈ। মধুপুৰ, দলনিপথাৰ, দয়ালপুৰ, খেৰবাৰী আদি গাঁওসমূহ শিল মাফিয়াৰ কৱলত পৰি নিঃশেষ হোৱাৰ উপক্রম হৈছে। 

দৈনিক ৫০ খনৰো অধিক ফ'কলেনে খনন চলাই থকাৰ লগতে দৈনিক পাঁচশৰো অধিক ডাম্পাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰলৈ শিল আৰু ছেণ্ড গ্রেভেল সৰবৰাহ কৰা হয়। ইপিনে শকত অংকৰ কমিছনৰ বাবেই চকুমুদা কুলিৰ ভাও দি থাকে সংশ্লিষ্ট কর্তৃপক্ষই। সকলো দেখিও নেদেখাৰ ভাও জুৰিছে সৰুপথাৰ সম-জিলা প্রশাসনে। জাঙুৰ খাই উঠিছে কেইবাটাও দল-সংগঠন। শীঘ্রে উক্ত খনন কাৰ্য বন্ধ নকৰিলে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে দল-সংগঠনে।

Share This