উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, শিক্ষকক কম বেতন দি 'গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু...' পাঠ কৰা অৰ্থহীন 

dainik janambhumi August 26, 2025

ডিজিটেল ডেস্ক : শিক্ষক-শিক্ষয়িত্রীসকলক চৰকাৰে ব্যৱহাৰক লৈ দুখ প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। সর্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে সোমবাৰে কয় যে শিক্ষক-শিক্ষয়িত্রীসকলক কম বেতন দিয়াৰ পাছত 'গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ' বুলি পাঠ কৰাৰ কোনো অর্থ নাই। শিক্ষকসকলক কম দৰমহা দিয়াৰ পাছত এনে ধৰণৰ পাঠৰ কোনো মূল্য নাথাকে বুলি বিচাৰপীঠখনে কয়। দেশৰ সৰ্বোচ্চ আদালতে কয় যে যিসকল লোকে দেশৰ ভৱিষ্যতক নিৰ্মাণ কৰে তেওঁলোকে ভাল দৰমহা পোৱা উচিত। গুজৰাট চৰকাৰে সহযোগী অধ্যাপকক কম বেতন দিয়াৰ অভিযোগৰ এটা গোচৰত সোমবাৰে বিচাৰপীঠখনে কয় যে শিক্ষক-শিক্ষয়িত্রীসকলে উপযুক্ত সন্মান আৰু দৰমহা পোৱা উচিত, কিয়নো তেওঁলোকে ভৱিষ্যতৰ প্ৰজন্মক তৈয়াৰ কৰে। উচ্চতম ন্যায়ালয়ে সহযোগী অধ্যাপকসকলক সমান কামৰ বাবে সমান দৰমহা দিয়াৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়টো পালন কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিয়ে। 

উল্লেখযোগ্য যে চৰকাৰে ঠিকাভিত্তিক নিযুক্তি দিয়া সহযোগী অধ্যাপকসকলক মাত্র ৩০ হাজাৰ টকাৰ দৰমহা দিয়ে। কিন্তু তদর্থ ভিত্তিক আৰু নিয়মীয়া সহযোগী অধ্যাপকসকলক মাহিলী প্রায় ১.২ লাখ আৰু ১.৪ লাখ টকাৰ দৰমহা দিয়ে। উচ্চতম ন্যায়ালয়ে শিক্ষকসকলক দেশৰ বৌদ্ধিক মেৰুদণ্ড বুলি অভিহিত কৰে। ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে গোচৰটোক ৰায় দি কয়, 'আমাৰ শিক্ষকসকলক কেনে ধৰণৰ ব্যৱহাৰ কৰা হয় তাক লৈ আমি অতি চিন্তিত। এই শিক্ষকসকলে আমাৰ পৰৱৰ্তী প্ৰজন্মক পঢ়ায়। তেওঁলোকক প্রয়োজনীয় অর্হতা আৰু জ্ঞান দিয়ে। শিক্ষকসকল কোনো এখন দেশৰ বৌদ্ধিক মেৰুদণ্ড স্বৰূপ।' আদালতে শিক্ষকসকলৰ কথা উল্লেখ কৰি কয়, 'তেওঁলোকে ভৱিষ্যৎ প্রজন্মৰ মগজু আৰু চৰিত্ৰ গঠনত নিজৰ জীৱন উৎসর্গা কৰে। তেওঁলোকে কেৱল পাঠদানেই নকৰে, দিদর্শনো দিয়ে। গৱেষণাৰ প্ৰসাৰ ঘটোৱা, চিন্তা কৰাৰ শক্তিৰ বিকাশ কৰা আৰু সমাজলৈ উল্লেখনীয় বৰঙনি আগবঢ়াব পৰা মূল্যবোধৰ জ্ঞান দিয়ে।' 

শিক্ষকসকলে আগবঢ়োৱা অৱদানৰ উপযুক্ত সন্মান নোপোৱাত উচ্চতম ন্যায়ালয়ে গভীৰ উদ্বেগ প্রকাশ কৰে। আদালতে কয় যে যদি শিক্ষকসকলে উপযুক্ত সন্মান নাপায়, তেওঁলোকে উপযুক্ত দৰমহা নাপায়, তেতিয়া দেশৰ জ্ঞানৰ মূল্য হ্রাস পাব। ইয়াৰ ফলত দেশক আগবঢ়াই নিবলৈ বিচৰাসকলৰ মনোবল হ্রাস পাব। গুজৰাট উচ্চ ন্যায়ালয়ে এই সম্পর্কত দিয়া এটা ৰায়ক ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ক প্রত্যাহ্বান জনাইছিল। গুজৰাট চৰকাৰৰ আৱেদন অগ্রাহ্য কৰি উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়ে।

Share This