লাডাখত বিজেপি উপ-সভাপতিৰ পুত্ৰই পলুৱাই বিয়া পাতিলে বৌদ্ধ যুৱতীক; উত্তপ্ত লাডাখ

Jyoti Borah August 18, 2023

ডিজিটেল ডেস্কঃ লাডাখত ভাৰতীয় জনতা পাৰ্টিৰ উপ-সভাপতি নাজিৰ আহমেদৰ পুত্ৰই পলুৱাই বৌদ্ধ যুৱতীক বিয়া কৰোৱাক লৈ উত্তপ্ত ৰাজনীতি। এই ঘটনাৰ লগত তেওঁ জড়িত নে নহয় সেই কথা স্পষ্ট কৰিবলৈও তেওঁক দলৰ ফালৰ পৰা সময় দিয়া হয়। এই ঘটনাক সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ঐক্যৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰি বিজেপিয়ে নাজিৰক ৰাজ্যিক উপ-সভাপতিৰ দায়িত্বৰ পৰা মুক্ত কৰি দলৰ সদস্যপদ বাতিল কৰে।

নাজিৰ আহমেদৰ পুত্ৰ মনজুৰ আহমেদে এগৰাকী বৌদ্ধ যুৱতীক অপহৰণ কৰি এমাহ পূৰ্বে আদালতত বিয়া কৰাইছিল। দলটোৱে কয় যে নাজিৰকো এই ঘটনাৰ লগত জড়িত থকা-নথকাৰ কথা বুজাবলৈ সুযোগ দিয়া হৈছিল। ইয়াৰ পাছত দলে তেওঁৰ পৰা সকলো দায়িত্ব ঘূৰাই লোৱাৰ লগতে দলৰ সদস্যপদ বাতিল কৰাৰ সিদ্ধান্ত লয়।

এই সন্দৰ্ভত বিজেপিয়ে জাননী জাৰি কৰি কয় যে, "ৰাজ্যিক সভাপতি আৰু দলৰ সদস্যৰ মাজত অনুষ্ঠিত এখন বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে উপ-সভাপতি নাজিৰ আহমেদক অপহৰণ আৰু বিবাহৰ লগত জড়িত থকাৰ কথা বুজাবলৈ পৰ্যাপ্ত সময় দিয়া উচিত।তাৰ পিছত উপ-সভাপতিৰ দায়িত্ব তেওঁৰ পৰা ঘূৰাই লোৱা হয় আৰু দলৰ প্ৰাথমিক সদস্যপদো বাতিল কৰা হয়। ইয়াত কোৱা হৈছে যে এই ঘটনা লাডাখৰ সকলো ধৰ্মীয় সম্প্ৰদায়ৰ বাবে গ্ৰহণযোগ্য নহয় কাৰণ ইয়াৰ ফলত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ঐক্য বিপন্ন হৈ পৰে।"

দলৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত নাজিৰ আহমেদে কয় যে তেওঁ আৰু তেওঁৰ পৰিয়াল নিজেই এই বিবাহৰ বিৰোধী আছিল। এমাহ ধৰি পুত্ৰ আৰু বৌদ্ধ যুৱতীগৰাকী ক'ত আছে সেয়া নাজানে। আহমেদে কয় যে দুয়োকে বিচাৰি উলিয়াবলৈ তেওঁলোকৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰা হৈছিল। তেওঁ কয় যে যেতিয়া তেওঁ ছৌদি আৰবলৈ হজৰ বাবে গৈছিল, একে সময়তে তেওঁৰ পুত্ৰই বৌদ্ধ মহিলাৰ সৈতে আদালতত বিবাহ পাশত হৈছিল।

Share This