ডিজিটেল ডেস্ক : আফ্রিকীয় দেশ ডি আৰ কংগোত (কংগো গণতান্ত্রিক প্রজাতন্ত্র) ইব'লা ভাইৰাছৰ সন্ত্রাস বৃদ্ধি পাইছে। দেশখনত মে'ৰ মাজভাগৰ পৰা বৰ্তমানলৈকে প্রায় ৯৩০জন লোকৰ এই ভাইৰাছত আক্রান্ত হৈ মৃত্যু হৈছে। দেশখনৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে এই তথ্য প্রকাশ কৰিছে। শানিবাৰে দিনটোৰ ভিতৰতে দেশখনৰ বিভিন্ন স্থানত ৩৭জন ৰোগীৰ মৃত্যু হয়। সম্প্রতি আফ্রিকাৰ দেশখনত ২,৩৪৪জন ৰোগী এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
চলিত বৰ্ষৰ ১৫ মে'ত দেশখনত ইব'লাই সংহাৰী ৰূপ ধাৰণ কৰা বুলি চৰকাৰে স্বীকাৰ কৰি জনসজাগতাৰ আহ্বান জনাইছিল। বৰ্তমানলৈকে ইব'লাৰ নিৰ্দিষ্ট কোনো টিকা বা চিকিৎসা পদ্ধতিয়ে স্বীকৃতি লাভ কৰা নাই। যাৰ ফলত দেশখনত ইব'লাই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। দেশখনৰ ইটুৰি প্ৰদেশত ইব'লাৰ সংক্ৰমণ আটাইতকৈ বেছি হৈছে। উল্লেখযোগ্য যে ইব'লাৰ সংক্ৰমণ ৰোধৰ দাবীৰে একাংশ লোকে স্বাস্থ্য কৰ্মীৰ ওপৰতো আক্রমণ সংঘটিত কৰিছে।
ইব'লাত আক্রান্ত ৰোগীৰ চিকিৎসাত জড়িত প্রায় ১২জন লোকৰ উন্মত্ত জনতাৰ আক্ৰমণত মৃত্যু হৈছে। ইফালে, দেশখনত বহু সংখ্যক স্বাস্থ্য কর্মীও ইব'লাত আক্রান্ত হৈছে। এই ভাই ৰাছৰ আক্ৰমণত বর্তমানলৈকে ৩৬জন স্বাস্থ্যকর্মীৰ মৃত্যু হৈছে। তদুপৰি, চৰকাৰে অতি কম পাৰিশ্ৰমিকত স্বাস্থ্যকর্মীসকলক খটুৱাই থকাৰ অভিযোগ তুলিও বহুতে চাকৰি বাদ দিছে।