ডিজিটেল ডেস্ক : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ লোকসকলৰ লগতে প্রবাসী অসমীয়াসকলৰ বাবে সুখবৰ। এতিয়াৰে পৰা ছয় জনগোষ্ঠী ক্ৰমে মৰাণ, মটক, চুতীয়া, টাই আহোম, চুতীয়া আৰু কোচ-ৰাজবংশীসকলৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে মেডিকেল শিক্ষাত সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে।
আনহাতে, বহিঃৰাজ্যত শিক্ষা গ্রহণ কৰা প্রবাসী অসমীয়াৰ সন্তানেও এতিয়াৰে পৰাই অসমত মেডিকেল শিক্ষাত নামভৰ্তি কৰিব পাৰিব। কালি ৰাজ্যিক কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটৰ পাছত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'নতুনকৈ প্রাগজ্যোতিষ মেডিকেল কলেজ হোৱাৰ বাবে মৰাণ, মটক, চুটীয়া, টাই আহোম, চুটিয়া আৰু কোচ-ৰাজবংশীসকলৰ কাৰণে এখনকৈ সংৰক্ষিত আসন বৃদ্ধি কৰা হৈছে। সেই অনুসৰি মৰাণ জনগোষ্ঠীৰ আসনৰ সংখ্যা নখনলৈ, মটকৰ আসন ৯লৈ, টাই আহোমৰ আসন দহৰ পৰা এঘাৰখনলৈ, চুতীয়াৰ বাবে থকা আসন দহলৈ আৰু কোচ-ৰাজবংশীৰ বাবে সংৰক্ষিত আসন ১৪খনলৈ বৃদ্ধি পাব।
আনহাতে, দেউতাক-মাক নথকা শিক্ষাৰ্থীৰ বাবে প্ৰথমবাৰৰ বাবে দুখন আসন সংৰক্ষণ কৰা হ'ব বুলি জনাই ড° শর্মাই কয় যে এইক্ষেত্রত ভাল ফল পালে ভৱিষ্যতে প্রতিখন মেডিকেলতে একোখনকৈ আসন সংৰক্ষণ কৰা হ'ব। ইফালে চাকৰি সূত্রে বহু অসমীয়া লোকে নিজৰ সন্তানক ৰাজ্যৰ বাহিৰত পঢ়ুৱাই বুলি জনাই তেওঁ কয় যে অসমৰ বাহিৰত পঢ়িলে ৰাজ্যৰ কোটাত নামভৰ্তি কৰিব নোৱাৰে। সেয়েহে আমি নতুন নিয়ম কৰিছোঁ যে অসমীয়া মানুহৰ সন্তানে বাহিৰত পঢ়িলেও অসমত মেডিকেল পঢ়াৰ সুবিধা পাব। কিন্তু দেউতাক-মাক তিনিটা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব। অর্থাৎ ১৯৫১ চনত অসমত থকা হ'ব লাগিব। এইক্ষেত্রত জাতি-জনগোষ্ঠীৰ কোনো কথা নাই, মাথোঁ তিনিটা প্রজন্মৰ অসমীয়া হ'ব লাগিব বুলি স্পষ্ট কৰি দি ড° শৰ্মাই লগতে কয় যে অৱশ্যে এইক্ষেত্রত কোনো সংৰক্ষণৰ ব্যৱস্থা নাথাকিব। প্রবাসী অসমীয়াসকলৰ এইটো বহুত ডাঙৰ দাবী আছিল। ইফালে গুৱাহাটী মহানগৰীত চাৰিখন মেডিকেল কলেজ আছে আৰু এখন মেডিকেল কলেজ হোৱাৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰি তেওঁ লগতে কয় যে আমি মহেন্দ্র মোহন চৌধুৰী হস্পিটেলখন মেডিকেল কলেজলৈ পৰিণত কৰাৰ বাবে চেষ্টা চলাই আছোঁ।
প্রণিধানযোগ্য যে কালিৰ কেবিনেটত বাজেট কৰা ঘোষণাসমূহ কিদৰে ৰূপায়ণ কৰা হ'ব সেই সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আছাম ষ্টেট ৰুৰেল লাইভলি হুদ মিছন মিছনৰ অধীনত কোনোবাই ব্যক্তগতভাৱে বেংকৰ পৰা ঋণ ল'লে এতিয়াৰে পৰাই আমি ষ্টাম্প ডিউটি নলওঁ। ইয়াৰ জৰিয়তে ৰাজ্যৰ মহিলাসকল লাভৱান হ'ব। কালি কেবিনেটে সিদ্ধান্ত লৈছে কোনোবা আত্মসহায়ক গোটৰ মহিলা বা লাখপতি বাইদেৱে দহ লাখ টকালৈকে ঋণ ল'লেও ষ্টাম্প ডিউটি দিব নালাগে। আনহাতে, আয়ুবেদিক চিকিৎসকসকলৰ বাবে এক নতুন সেৱা বিধি কেবিনেটে মঞ্জুৰি দিয়াৰ লগতে ৰেছনৰ দাইল, চেনি আদি কিনা-বেচাৰ দায়িত্ব নাফেডক দায়িত্ব দিয়ে। অৱশ্যে নাফেডে নিবিদাৰ জৰিয়তে সামগ্রী ক্ৰয় কৰিব পাৰিব।
ইফালে দাম বৃদ্ধি পাব নেকি বুলি সোধাত তেওঁ কয় যে পৰৱৰ্তী সময়ত নিমখ দিলে তিনি-চাৰি টকা বৃদ্ধি পাব। আনহাতে, ৰাজ্যৰ মাটি-বাৰীৰ গোচৰসমূহ কম কৰাৰ বাবে এতিয়াৰে পৰা পাৱাৰ অব্ এটনি বা এগ্রিমেন্ট টু ছেল কৰিলেও ৰেজিষ্টাৰ কৰিব লাগিব। মাটি কিনা-বেচা, এগ্রিমেন্ট কিনা-বেচা, পাৱাৰ অব এটর্নি সন্দৰ্ভত বিধানসভাত আইন অনাৰ পৰিকল্পনা কৰা হৈছে বুলি জনাই মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ ফলত মাটিৰ সৈতে জড়িত অপব্যৱহাৰ কম হ'ব। ইফালে তিনি তাৰিখৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজৰ যাতে সুবিধা হয় তাৰ বাবে প্রতিটো সমষ্টিতে এগৰাকী অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি নিয়োগ কৰা হ'ব। ব্লক বা ডিচিবা এছ ডি চি কার্যালয়ত এই লোকজন থাকিব।