ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানত আক্ৰমণ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। দেশখনত একেৰাহে ১৩ দিন আক্ৰমণ কৰাৰ পাছত তেওঁ সেনা বাহিনীক আক্ৰমণ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। মন কৰিবলগীয়া যে সেনা বাহিনীয়ে ইৰানত আক্ৰমণৰ বাবে নতুন পৰিকল্পনা সম্পূৰ্ণ কৰাৰ সময়তে ট্রাম্পে এই নির্দেশ দিয়ে।
আমেৰিকাৰ সংবাদ মাধ্যমে প্রকাশ কৰা মতে, ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানৰ সৈতে কূটনৈতিক প্রচেষ্টাৰ সুযোগ দিয়া আৰু যুদ্ধ অধিক প্ৰসাৰিত তথা বৃদ্ধি পোৱাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু তেওঁ সামৰিক অভিযান বন্ধ ৰাখিবলৈ দিয়া নিৰ্দেশৰ মূল কাৰণ দেশখনৰ অস্ত্ৰ ভাণ্ডাৰ, বিশেষকৈ ক্ষেপণাস্ত্ৰৰ সংখ্যা হ্রাস পোৱাটো বুলিহে কোৱা হৈছে। দেশখনৰ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি ট্রাম্পে লোৱা এই সিদ্ধান্তৰ পাছত ইৰানত দৈনিক কৰি থকা আক্রমণ শনিবাৰে প্ৰথমবাৰ বন্ধ হয়। ট্রাম্পে এতিয়া ইৰানৰ সৈতে পুনৰ আলোচনাত গুৰুত্ব আৰোপ কৰিছে আৰু প্ৰয়োজন হ'লে ইৰানত পুনৰ আক্ৰমণ কৰিব বুলিও ভাবুকি দিয়ে। ট্রাম্পৰ মতে, ইৰানত বিধ্বংসী আক্ৰমণ কৰাৰ আগতেই সেনা বাহিনী নিজৰ লক্ষ্যত উপনীত হৈছে। এতিয়া তেওঁ কূটনীতিৰ জৰিয়তে সমস্যাৰ সমাধান হোৱাটো বিচাৰিছে, কিন্তু আলোচনা ব্যৰ্থ হ'লে পুনৰ আক্ৰমণ কৰা হ'ব বুলি ভাবুকি দিয়ে। ট্রাম্পে সাংবাদিকৰ আগত কয়, আমেৰিকা ব্যাপক হাৰত আক্ৰমণৰ বাবে সম্পূর্ণ ৰূপে সাজু, কিন্তু ইৰানৰ সৈতে চুক্তি কৰাটো অধিক জ্ঞানীৰ কাম হ'ব। তেওঁ কয়, 'আমি বর্তমান তেওঁলোকৰ সৈতে আলোচনা কৰি আছোঁ। যিমানেই দিন পাৰ হৈছে, সিমানেই বিষয়টো অধিক গুৰুতৰ হৈ পৰিছে বুলি মই ভাবিছোঁ।'
হোৱাইট হাউছ কৰেছপণ্ডেন্স এছ'চিয়েশ্যনৰ সৈতে নৈশ ভোজৰ সময়ত তেওঁ কয়, 'ইৰান শীঘ্ৰে বুজা-পৰালৈ আহিব বুলি মই নাভাবোঁ, কিন্তু তেওঁলোকে আলোচনা অব্যাহত ৰখাটো বিচাৰিছে।' ট্রাম্পে যিয়েই নকওক আক্ৰমণ বন্ধ ৰখাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল আমেৰিকাৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা প্ৰণালীৰ ভাণ্ডাৰ হ্রাস পোৱা। নিউয়র্ক টাইমছত প্রকাশ পোৱা এখন প্রতিবেদনৰ মতে, পেন্টাগনে এইবুলি সতৰ্ক কৰি দিয়ে যে ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান অধিক দিনলৈ চলাই থাকিলে মধ্যপ্রাচ্যত পেট্রিয়ৎ ইণ্টাৰচেপ্টৰ ক্ষেপণাস্ত্ৰ আৰু আন এয়াৰ ডিফেন্স প্রণালীত ব্যৱহাৰ কৰা ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ অধিক হ্রাস পাব। ইয়াৰ ফলত মধ্যপ্রাচ্যত মোতায়েন কৰা আমেৰিকাৰ সৈনিকসকল, সামৰিক ঘাটি তথা আন স্থানসমূহ আৰু সহযোগী দেশসমূহৰ সুৰক্ষাত প্ৰভাৱ পৰিব বুলি দেশখনৰ জ্যেষ্ঠ সামৰিক বিষয়াসকলে সকীয়াই দিয়ে। জইন্ট চীফ অব্ ষ্টাফৰ অধ্যক্ষ জেনেৰেল ডেন কেনেট্রাম্পক জনায় যে শেহতীয়া মাহকেইটাত ১২০০টা ক্ষেপণাস্ত্র ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত এতিয়া মার্কিন সৈন্য, সহযোগী দেশ আৰু সামৰিক ঠিকনাত ইৰানৰ আক্ৰমণৰ আশংকা অধিক বৃদ্ধি পাইছে। চি এন এনে প্রকাশ কৰা মতে, শুকুৰবাৰে হোৱাইট হাউছত অনুষ্ঠিত এখন বৈঠকত যুদ্ধ অধিক দীঘলীয়া কৰাত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু জেনেৰেল কেনে উদ্বেগ প্রকাশ কৰে।
ইৰানৰ বিৰুদ্ধে আক্ৰমণ দীঘলীয়া হোৱাত ট্রাম্পৰ আন সহযোগীসকলেও প্রশ্ন উত্থাপন কৰে। তেওঁলোকে এইবুলি কয় যে আক্ৰমণৰ ফলত যুদ্ধ সমগ্র মধ্যপ্রাচ্যলৈ বিয়পাৰ আশংকা বৃদ্ধি নকৰাকৈও আমেৰিকাৰ উদ্দেশ্য পূৰণ কৰিব পৰা নাযায় নেকি?
উল্লেখযোগ্য যে ইৰানৰ সৈতে আলোচনাৰ প্ৰচেষ্টা পুনৰ আৰম্ভ হৈছে আৰু ওমানৰ এটা প্রতিনিধি দল তেহৰানত উপস্থিত হৈছে। এই প্রতিনিধি দলটোৱে ইৰানৰ নেতাসকলৰ সৈতে হৰমুজ প্রণালী পুনৰ খোলাৰ বাবে গ্রহণ কৰিব পৰা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পাৰস্য উপসাগৰীয় দেশবোৰে আমেৰিকাক সংযম হোৱাৰ আহ্বান জনাইছে। ইৰানে অৱশ্যে কালি আক্রমণ অব্যাহত ৰাখে আৰু জর্দান, কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ তিনিটা গুৰুত্বপূৰ্ণ সামৰিক ঘাটিত আক্ৰমণ কৰি ক্ষতিসাধন কৰে ।