পৰীক্ষা সংস্কাৰৰ বাবে নন্দন নীলেকানিৰ নেতৃত্বত টাস্ক ফ'ৰ্চ গঠন

dainik janambhumi July 27, 2026

ডিজিটেল ডেস্ক : নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ দিল্লীৰ যন্তৰ মন্তৰত ককৰ'চ জনতা পাৰ্টিৰ (চি জে পি) আন্দোলনৰ ফলত কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে পদত্যাগ কৰাৰ এদিনৰ পাছত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা সংস্কাৰৰ দিশত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে। 

তেওঁ কালি এটা ভিডিঅ' বার্তাত ঘোষণা কৰে যে দেশৰ প্রখ্যাত প্রযুক্তি বিশেষজ্ঞ নন্দন নীলেকানিৰ নেতৃত্বত এখন উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব - এই টাস্ক ফ'ৰ্চে পৰীক্ষা ব্যৱস্থাত সংস্কাৰ সাধনৰ বাবে অধিক স্বচ্ছ আৰু প্ৰযুক্তি ভিত্তিক কৰাৰ বাবে কাম কৰিব। সংস্কাৰ আনিব। ইনফ'ছিছৰ প্ৰতিষ্ঠাপক নীলেকানিৰ নেতৃত্বত গঠন কৰিবলগীয়া ছজনীয়া টাস্ক ফ'ৰ্চৰ আন সদস্যসকল হ'ল ইছৰ'ৰ প্ৰাক্তন অধ্যক্ষ ড° এছ সোমনাথ, ইন্টেলিজেঞ্চ ব্যুৰ'ৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, আই আই টি মাদ্রাজৰ প্ৰাক্তন সঞ্চালক ভি কামকোটি, শিক্ষা মন্ত্র্যালয়ক প্রাক্তন সচিব অনিতা কৰৱাল আৰু লজিষ্টিক্‌ ছাপ'ৰ্টাৰ অমত লাল মিনা। 

ভিডিঅ বার্তাটোত প্রধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ কাৰণে অহৰহ পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁ স্পষ্টভাৱে কয়, 'বন্ধু ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ বাবে চৰকাৰে একেৰাহে পদক্ষেপ গ্রহণ কৰি আহিছে যিসকলে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে, তেওঁলোক এতিয় কাৰাগাৰত আছে। আমি ফাষ্টট্রেক আদালত গঠন কৰিছোঁ। কাইলৈ সংসদত কঠোৰ শাস্তিৰ বিধান থকা বিধেয়ক উত্থাপন কৰিম। কিন্তু আমি ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগিব। আমাৰ পৰীক্ষা প্ৰণালী বিশ্বস্ত হওক, ইয়াত সর্বাধিক প্রযুক্তিক ব্যৱহাৰ হওক। ইনফ'ছিছৰ সহযোগী প্রতিষ্ঠাপক নন্দন নীলেকানিৰ নেতৃত্বত এখন উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ'ৰ্ট গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে, যি পৰীক্ষ প্ৰণালীৰ সংস্কাৰত গুৰুত্ব দিব। তেওঁ কয় যে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ লগতে ভৱিষ্যতৰ পৰীক্ষা প্ৰণালীকো শক্তিশালী কৰাৰ প্ৰয়োজন যাতে ছাত্ৰ-ছাত্ৰীসকলৰ ইয়াৰ প্ৰতি আস্থা অব্যাহত থাকে। প্রধানমন্ত্রীয়ে কয় যে আমাৰ পৰীক্ষা প্ৰণালী যাতে অত্যাধুনিক প্রযুক্তিৰ সৈতে সংযোজিত হয় আৰু স্বচ্ছ হয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশ্বৰ প্ৰসিদ্ধ প্রযুক্তি বিশেষজ্ঞ নীলেকানিক নেতৃত্বত এই কমিটীখন গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে এই টাস্ক ফ'ৰ্চৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা শীঘ্ৰে নিৰ্ধাৰণ কৰা হ'ব। 

উল্লেখযোগ্য যে ইয়াৰ আগতে প্রধানমন্ত্রীয়ে যোৱা ২৩ জুলাইত প্ৰথমটো আৰু ২৪ জুলাইত দ্বিতীয়টো ভিডিঅ' বার্তা সামাজিক মাধ্যমত প্রকাশ কৰিছিল।

Share This