এটাও অস্ত্ৰ ব্যৱহাৰ নকৰাকৈ আজাৰবাইজানক ধ্বংস কৰাৰ পৰিকল্পনা ভাৰতৰ

Rashmi June 06, 2025

ডিজিটেল ডেস্ক : শেহতীয়া ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ সময়ত পাকিস্তানৰ সামৰিক বাহিনীক সহায় কৰা আজাৰবাইজানৰ বিৰুজে। ভাৰতে কঠোৰ কূটনৈতিক ব্যৱস্থা লৈছে। এটাও অস্ত্র ব্যৱহাৰ নকৰাকৈ আজাৰবাইজানক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে ভাৰতে। আজাৰবাইজানৰ ঘোৰ শত্রু দেশ আর্মেনিয়াক ভাৰতে অস্ত্র-শস্ত্ৰ বিক্ৰী কৰাটো বৃদ্ধি কৰিছে। তুৰস্ক, আজাৰবাইজান আৰু পাকিস্তানে মিত্রতা কৰি ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পৰিণতিতেই ভাৰতে এই কৌশলী স্থিতি লৈছে। নাগর্ন' কাৰাভাস অঞ্চলৰ বাবে আর্মেনিয়াৰ সৈতে সংঘৰ্ষত লিপ্ত আছে আজাৰবাইজানে।

সেইবাবে আর্মেনিয়াক অস্ত্র-শস্ত্ৰ যোগান ধৰি আজাৰবাইজানৰ বিৰুদ্ধে আর্মেনিয়াক শক্তিশালী কৰিব বিচাৰিছে ভাৰতে। এটাও অস্ত্ৰ ব্যৱহাৰ নকৰাকৈ আজাৰবাইজানক ধ্বংসৰ মুখলৈ ঠেলাৰ পৰিকল্পনা কৰিছে ভাৰতে।

নিৰ্ভৰযোগ্য সূত্র অনুসৰি, ভাৰতে অন্যান্য প্ৰতিৰক্ষা সামগ্ৰীৰ লগতে থলুৱাভাৱে নিৰ্মাণ কৰা আকাশ-১এছ ক্ষেপণাস্ত্ৰৰ দ্বিতীয়টো কনছাইন্টেমেন্ট। আর্মেনিয়ালৈ অতি সোনকালে প্ৰেৰণ কৰিব। ২০২০ চনৰ পৰা ভাৰত-আর্মেনিয়াৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক সুদৃঢ় হৈছে আৰু ইয়াৰ বাবেই। আজাৰবাইজানক নিঃশেষ কৰাৰ পৰিকল্পনা লৈছে ভাৰতে।

Share This